প্ৰতিবাদেৰে উত্তপ্ত হৈছে সমগ্ৰ অসম। এইবাৰ শিল্পী সমাজৰ ৰণহুংকাৰেৰে উতলিব অসমবাসীও। আজি আৰু অহা কাইলৈ অৰ্থাৎ ১০ আৰু ১১ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিল্পীৰ হুংকাৰ। চান্দমাৰী আভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত কৰা হৈছে শিল্পীৰ ঐক্যবদ্ধ সংগ্ৰাম।


বৰষা ৰাণী বিষয়া, কন্ঠশিল্পী মন্টুমণিকে আদি কৰি সমগ্ৰ শিল্পী সমাজে অসমৰ জনসাধাৰণক আহ্বান জনাইছে তেওঁলোকৰ সৈতে যোগদান দিবলৈ। আগন্তুক সময়ত ৰূপালী পৰ্দাত এই প্ৰতিবাদৰ বিভিন্ন ফটো তথা ভিডিঅ’ আপোনালোকে দেখিবলৈ পাব।
Add comment