Rupaliparda.com
অস্কাৰলৈ অসম সন্তান ৰূপম শৰ্মাঃ 1

অস্কাৰলৈ অসম সন্তান ৰূপম শৰ্মাঃ

ৰীমা দাসৰ পিছতেই এইবাৰ অস্কাৰ এৱাৰ্ডৰ দৌৰত অৱতীৰ্ণ হৈছে যুক্তৰাষ্ট্ৰ প্ৰবাসী অসম সন্তান পৰিচালক ৰূপম শৰ্মা। পৰিচালক গৰাকীৰ ইংৰাজী ভাষাত নিৰ্মিত “ৱান লিটল ফিংগাৰ” ছবিখনে অস্কাৰত মুঠ তিনিটা শাখাত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে।

অস্কাৰলৈ অসম সন্তান ৰূপম শৰ্মাঃ 2


উক্ত ছবিখনে শ্ৰেষ্ঠ মৌলিক গীত, শ্ৰেষ্ঠ সংগীতকে ধৰি শ্ৰেষ্ঠ ছবিৰ শাখাত মনোনয়ন লাভ কৰিছে। ৰূপম শৰ্মাৰ এই ছবিখনত অসম, পশ্চিম বংগকে ধৰি দাক্ষিণাত্য, মুম্বাই আৰু হলীউডৰ কেইবাগৰাকীও শিল্পীৰ লগতে মুঠ ৮০ গৰাকী বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীয়ে অভিনয় কৰিছে।

অস্কাৰলৈ অসম সন্তান ৰূপম শৰ্মাঃ 3


অস্কাৰত তিনিটা শাখাত মনোনয়ন লাভ কৰা এই ছবিখনত অসমীয়া অভিনেত্ৰী মলয়া গোস্বামী, জয়া শীল আৰু পবিত্ৰ ৰাভাই অভিনয় কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.