জলীউড, বলীউড তথা হলীউড এই তিনিওটা ক্ষেত্ৰতেই সমানেই চৰ্চিত এগৰাকী অসম সন্তান; অসমৰ গোৱালপাৰা জিলাত জন্মগ্ৰহণ কৰা এই গৰাকী অসম সন্তানৰ কেৱলমাত্ৰ অভিনয়েই নহয়; তেওঁৰ ব্যক্তিত্বয়েও অসমকে ধৰি বাহিৰৰ প্ৰায় সমগ্ৰ লোকক নিজৰ অনুৰাগী কৰি তুলিছে।

শিক্ষা জীৱনত তেওঁ বহু কেইখন নাটকত অভিনয় কৰাৰ লগতে “ভায়ামামা” নামৰ জনপ্ৰিয় নাটক গোষ্ঠীৰ সৈতেও তেওঁ ব্যংগাত্মক চৰিত্ৰ ৰূপায়ন কৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ পিছত আদিল হুচেইনে দিল্লীস্থিত “ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়” তথা লণ্ডনৰ “ড্ৰামা ষ্টুডিঅ’ লণ্ডন” ত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে।

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰী দেৱী লগতে দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতেও অসম সন্তান ও অভিনেতা আদিল হুচেইনে অভিনয় কৰাৰ সুবিধা লাভ কৰে। ইয়াৰ উপৰিও, ইটালীৰ পৰিচালক Italo Spinelli ৰ দ্বাৰা পৰিচালিত ‘Gangor’, আৰু মীৰা নায়াৰৰ ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ লগতে এং লীৰ ‘লাইফ অৱ পাই’ ইত্যাদি হলীউডৰ জনপ্ৰিয় ছবিত অভিনয় কৰাৰ সুবিধা লাভ কৰে।

আদিল হুচেইনে নাটক, চিনেমা আদিত কৰা অভিনয়েৰে দৰ্শকৰ হৃদয় জিনা লগতে তেওঁ দূৰদৰ্শনৰ ধাৰাবাহিক “জাচুছ বিজয়”, “ডক্টৰ, নাৰ্ছ এণ্ড পেছেণ্ট” আৰু “ইনফেক্টেড” ত অভিনয় কৰে।
Add comment