Rupaliparda.com
"কা" বিৰুদ্ধে হায়দৰাবাদত বাবুৰ প্ৰতিবাদঃ 1

“কা” বিৰুদ্ধে হায়দৰাবাদত বাবুৰ প্ৰতিবাদঃ

“কা” ৰ বিৰুদ্ধে বিগত বহু দিন ধৰি প্ৰতিবাদ অসমকে ধৰি উত্তৰ-পূবে সাব্যস্ত কৰি আহিছে। এই প্ৰতিবাদী কাৰ্যসূচী সমূহত অংশগ্ৰহণৰ পৰা পিছ পৰি ৰোৱা নাছিল অসমৰ বিভিন্ন প্ৰান্তৰ শিল্পী সকলো। জুবিনকে ধৰি দীক্ষু, পাপন, মানস ৰবীন, বিদ্যা সাগৰ, সীমান্ত শেখৰ তথা অভিনেত্ৰী বৰষা ৰাণী, নিশিতা গোস্বামী, অমৃতা গগৈ আদিয়ে “কা” ৰ প্ৰতিবাদত আগ-ভাগ লোৱা দেখিবলৈ পোৱা গৈছিল।

"কা" বিৰুদ্ধে হায়দৰাবাদত বাবুৰ প্ৰতিবাদঃ 2


বৰ্তমান এই প্ৰতিবাদ সাব্যস্ত কৰিছে কন্ঠশিল্পী বাবু বৰুৱাই। যোৱা কিছু দিন ধৰি চিকিৎসা সম্পৰ্কীয় কাৰণত হায়দৰাবাদত থাকিবলগীয়া হোৱাত তেওঁ অসমত হৈ থকা প্ৰতিবাদী আন্দোলনত অংশগ্ৰহণ কৰিব পৰা নাছিল। ফলত তেওঁ হায়দৰাবাদত থকা অসমীয়া জনসাধাৰণৰ সৈতে লগ হৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Add comment

Leave a Reply