Rupaliparda.com
সাৰ-জান্হৱীৰ সৈতে হোৱা তুলনাক উদ্দেশ্যি মুখ খুলিলে অনন্যাই: 1

সাৰ-জান্হৱীৰ সৈতে হোৱা তুলনাক উদ্দেশ্যি মুখ খুলিলে অনন্যাই:

বলীউডৰ “ষ্টাৰ কিড” ক্ৰমে সাৰা আলী খান, অনন্যা পাণ্ডে তথা জান্হৱী কাপুৰে প্ৰায়ে বাতৰিৰ শিৰোনাম সক্ষম কৰিবলৈ হয়। চচিয়েল মিডিয়াত একটিভ হোৱা লগতে এই অভিনেত্ৰী কেইগৰাকীয়ে বলীউডতো এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈ পৰিছে।

সাৰ-জান্হৱীৰ সৈতে হোৱা তুলনাক উদ্দেশ্যি মুখ খুলিলে অনন্যাই: 2


বলীউডত অলপতে জনপ্ৰিয় হৈ পৰা এই তিনিওগৰাকী অভিনেত্ৰীক দৰ্শকে হওঁক বা ছবি সমালোচকেই হওঁক; সকলোৱে এগৰাকীৰ সৈতে আনগৰাকীক তুলনা কৰা দেখিবলৈ পোৱা যায়। এই তুলনাক উদ্দশ্যি এইবাৰ মুখ খুলিলে অভিনেত্ৰী অনন্যা পাণ্ডেই।

সাৰ-জান্হৱীৰ সৈতে হোৱা তুলনাক উদ্দেশ্যি মুখ খুলিলে অনন্যাই: 3


অভিনেত্ৰী অনন্যাৰ মতে প্ৰতিযোগিতাৰ ভাৱ ৰখাটো ভাল। সাৰা অথবা জান্হৱী বা অনন্যা যেতিয়া একলগ হয় তেতিয়া সকলোবোৰ “নৰ্মেল” থাকে বুলিও মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে। ইয়াৰ লগতে তেওঁ কয় যে, “মই সাৰাৰ সৈতে একেখন স্কুলত পঢ়িছো আৰু জান্হৱী কাপুৰক মই সৰুৰ পৰাই চিনি পাওঁ। আমি সকলোবোৰ পূৰণি বন্ধু আৰু আমি একেখন ক্ষেত্ৰতেই কাম কৰো।”

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.