“এবিচিডি ২” ৰ পিছত আকৌ এবাৰ দৰ্শকৰ মাজলৈ আহি আছে বৰুণ ধৱন আৰু শ্ৰদ্ধা কাপুৰৰ যুঁটি। ৰেমো ডিসুজাৰ দ্বাৰা পৰিচালিত “ষ্ট্ৰীট ডেন্সাৰ থ্ৰী-ডি” ত দেখিবলৈ পোৱা যাব বলীউডৰ এই উল্লেখ্যনীয় যুঁটিটোক।


ইতিমধ্যে মুক্তিপ্ৰাপ্ত ছবিখনৰ ট্ৰেইলাৰে এই ছবিখনৰ এক স্পষ্ট ধাৰণা দৰ্শকৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে। আপোনপাহৰা নৃত্য তথা ড্ৰামা, ৰোমাঞ্চ আদিৰো সমাগম ঘটিব এই ছবিখনত।
উল্লেখ্য যে, “ষ্ট্ৰীট ডেন্সাৰ থ্ৰী-ডি” ৰ ট্ৰেইলাৰ মুক্তিৰ পূৰ্বে ছবিখনত অভিনীত শিল্পী সমূহৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছিল। অহা বৰ্ষৰ ২৪ জানুৱাৰী মুক্তি কৰি দিয়া হ’ব ছবিখন।
1 comment