অসমীয়া ছবিৰ ধাৰাত এক কালত বুৰঞ্জীমূলক ছবি নিৰ্মাণৰ এক ঢৌ উঠিছিল। একেধাৰে কেইবাখনো বুৰঞ্জীমূলক ছবিয়ে মুক্তি লাভ কৰিছিল ৬০-৭০ দশকৰ সময়ছোৱাত। এনে বুৰঞ্জীমূলক ছবিৰ ভিতৰত অন্যতম ছবিখন হৈছে “মণিৰাম দেৱান”।

বেণুধৰ শৰ্মাৰ “মণিৰাম দেৱান” গ্ৰন্থ তথা নাট্যকাৰ প্ৰবীণ ফুকনৰ “মণিৰাম দেৱান” নাটকৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখন পৰিচালনাৰ লগতে কাহিনী, চিত্ৰনাট্য আছিল সৰ্বেশ্বৰ কাকতিৰ। গুৱাহাটী, শিৱসাগৰ আৰু ছিলঙত ছবিখনৰ বৰ্হি দৃশ্যগ্ৰহণ হোৱাৰ লগতে কলিকতাৰ “ইন্দ্ৰপুৰী ষ্টুডিঅ” ত অন্তঃদৃশ্যগ্ৰহণৰ কাম কৰা হৈছিল। “মণিৰাম দেৱান” শীৰ্ষক ছবিখনে সেইটো সময়তে লাভ কৰিছিল মুঠ ২,০৫,০০০ হাজাৰ টকা।

১৯৬৪ মুক্তিপ্ৰাপ্ত এই ছবিখনক অসমৰ চাৰিটা চিত্ৰগৃহত মুক্তি দিয়া হৈছিল ক্ৰমে, ৰূপায়ন (গুৱাহাটী), শংকৰ (যোৰহাট), ৰূপালীম (শিৱসাগৰ) আৰু জয়শ্ৰী (নগাঁও) ত। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা এই ছবিখনৰ মূখ্য অৰ্থাৎ “মণিৰাম দেৱান” ৰ চৰিত্ৰত অভিনয় কৰিছিল ফণী শৰ্মাই। ইয়াৰ লগতে, পবিত্ৰ বৰকাকতি, উৎপল দত্ত আৰু ইভা আচাওয়ে “মণিৰাম দেৱান” ত অভিনয় কৰে।
Add comment