কংগনা ৰাণাওঁট তেওঁৰ আগন্তুক “পংগা” ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰিছে। কিছু সময় পূৰ্বে, এই ছবিখনৰ ট্ৰেইলাৰ মুক্তি কৰি দিয়া হৈছিল; যাক দেখি প্ৰায় সকলো দৰ্শকে কংগনাৰ প্ৰশংসা কৰাৰ উপৰিও তেওঁ আকৌ এবাৰ ডাঙৰ পৰ্দাত যে দৰ্শকক আকৰ্ষিত কৰিব সেই কথা নিশ্চিত বুলিয়ে মন্তব্য কৰিছে।


সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত যেতিয়া অভিনেত্ৰী গৰাকীক তেওঁৰ বিবাহৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ নিজৰ সমপৰ্যায়ৰ এগৰাকী জীৱনসংগী বিচৰা অসম্ভৱ বুলি কোৱাৰ লগতে তেওঁ কয় যে “মই এনে এজন ব্যক্তিৰ সন্ধানত আছো যিজন মোতকৈ অধিক বুদ্ধিমান আৰু জ্ঞানী হয়।”
উল্লেখ্য যে, কংগনা অভিনীত এই ছবিখন মুক্তি লাভ কৰিব ২০২০ চনৰ ২০ জানুৱাৰী তাৰিখে। লগতে, কংগনাৰ এই ছবিখন ডাঙৰ পৰ্দাত মুখামুখি হ’ব বৰুণ ধৱন আৰু শ্ৰদ্ধা কাপুৰ অভিনীত “ষ্ট্ৰীট ডেন্সাৰ থ্ৰী ডি” ৰ সৈতে।
Add comment