অসম, মণিপুৰকে ধৰি অৰুণাচল প্ৰদেশৰ প্ৰায় ১৫ খন ছবিৰ দৌৰত শ্ৰেষ্ঠ স্থান লাভ কৰি “শৈলধৰ বৰুৱা চলচিত্ৰ বঁটা” লাভ কৰিবলৈ সক্ষম হয় অসমীয়া ছবি “বৰনদী ভটিয়ায়”। অসমীয়া চলচিত্ৰ জগতৰ স্বনামধন্য ব্যক্তি শৈলধৰ বৰুৱাৰ স্মৃতিত গঠন হোৱা শৈলধৰ বৰুৱা স্মাৰক ন্যাসে এই বঁটাৰ ঘোষণা কৰে। “চতূৰ্থ শৈলধৰ বৰুৱা শ্ৰেষ্ঠ বঁটা” লাভ কৰা ছবি “বৰনদী ভটীয়ায়” মুক্তি লাভ কৰিছিল চলিত বৰ্ষৰ ১৫ এপ্ৰিল তাৰিখে।

শৈলধৰ বৰুৱা শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে “কানীন” ছবিৰ পৰিচালক মঞ্জু বৰুৱাই। শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ বঁটা লাভ কৰিছে বড়ো ভাষাৰ ছবি “জলৱীঃ দ্য চীড” ৰ বাবে ৰজনী বসুমতাৰীয়ে। লগতে,শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছে “আমিষ” ছবিৰ কুৱান বেই। শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰী বঁটা লাভ কৰিছে মণিপুৰী ছবি “লামন আমাৰ” বাবে অৰ্জুন নিংথেম্চাই। শ্ৰেষ্ঠ শব্দগ্ৰহণকাৰী বঁটা হৈছে “আমিষ” ছবিৰ বাবে গৌতম নায়াৰে। শ্ৰেষ্ঠ সম্পাদকৰ বঁটা লাভ কৰিছে “জলৱীঃ দ্য চীড” ৰ বাবে হেমন্তী সৰকাৰে। শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ বঁটা লাভ কৰিছে “লামন আমাৰ” বাবে সনদ আৰিবামে। শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে “গোৱৰ্ধন চৰিতৰ” বাবে অৰুণ হাজৰিকাই আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা “আমিষ” ছবিৰ বাবে লীমা দাসে লাভ কৰে।


বিচাৰকৰ বিশেষ উল্লেখ সন্মান বঁটা লাভ কৰে “পখিলাৰ পাখি” ছবিৰ বাবে অভিনেত্ৰী পাপৰি শইকীয়াই। উক্ত বঁটা সমূহ ১০ জানুৱাৰীত গুৱাহাটী জিলা পুথিভঁৰালত এক অনুষ্ঠানযোগে প্ৰদান কৰা হয়।
1 comment