কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল কন্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীত “বাজাজ স্কুটাৰ”। বিহুসুৰীয়া এই গীতটি “Maijaan Vol-4” ত অন্তৰ্ভূক্ত। চচিয়েল মিডিয়াত কন্ঠশিল্পী গৰাকীয়ে আগন্তুক প্ৰকল্প সমূহৰ বিভিন্ন আপডেট দি দৰ্শকক আকৰ্ষিত কৰি ৰখা দেখিবলৈ পোৱা যায়।


এইবাৰো ৰাকেশ ৰিয়ানে তেওঁৰ এই গীতটিক লৈ বিশেষ হিন্ট দৰ্শকক দি আহিছিল। গীতটিৰ অডিঅ’ ৰ পিছত এইবাৰ গীতটিৰ ভিডিঅ’ই মুক্তি লাভ কৰিবলৈ সাজু হৈ পৰিছে। অহা বৰ্ষৰ, ২ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিব এই গীতটিয়ে। উল্লেখ্য যে, উক্ত গীতটিৰ ভিডিঅ’ত দেখিবলৈ পোৱা যাব অভিনেত্ৰী ৰাকেশ ৰিয়ানক।
গীতটি লিখিছে খিৰোদ দত্ত, দীপাংকৰ দেওঁঘৰীয়া আৰু কিশোৰ গোঁহাইয়ে। ইয়াৰ লগতে, গীতটিত সংগীত বিজয় শংকৰৰ।
1 comment