Rupaliparda.com
"হস্তীৰ কন্যা" পদ্মশ্ৰী প্ৰতিমা বৰুৱাৰ পাণ্ডেলৈ একাজঁলি শ্ৰদ্ধাঞ্জলীঃ 1

“হস্তীৰ কন্যা” পদ্মশ্ৰী প্ৰতিমা বৰুৱাৰ পাণ্ডেলৈ একাজঁলি শ্ৰদ্ধাঞ্জলীঃ

“হস্তীৰ কন্যা” খ্যাত অসমীয়া লোকসংগীতত পাকৈত জনপ্ৰিয় কন্ঠশিল্পী প্ৰতিমা বৰুৱা পাণ্ডে ২০০২ চনৰ আজিৰ তাৰিখতে ইহলীলা সম্বৰণ কৰিছে। ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত ড° ভূপেন হাজৰিকাৰ ছবি “এৰা বাটৰ সুৰ” ত কন্ঠদান কৰি এগৰাকী সংগীত শিল্পী ৰূপে প্ৰতিষ্ঠা লাভ কৰে।

"হস্তীৰ কন্যা" পদ্মশ্ৰী প্ৰতিমা বৰুৱাৰ পাণ্ডেলৈ একাজঁলি শ্ৰদ্ধাঞ্জলীঃ 2


১৯৩৫ চনত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে ১৯৬২ চনত অল ইণ্ডিয়া ৰেডিঅ’ত “হস্তীৰ কন্যা”, “কেনেহে ৰাধিব তোৰ বিৰহ মন” আৰু “একেবাৰ হৰি বোল মন ৰচনা” গীত পৰিবেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰে আৰু ইয়াৰ পিছতেই ১৯৭৬ চনত তেখেতে আকাশবাণীৰ শিল্পী ৰূপে স্বীকৃতি লাভ কৰে।

"হস্তীৰ কন্যা" পদ্মশ্ৰী প্ৰতিমা বৰুৱাৰ পাণ্ডেলৈ একাজঁলি শ্ৰদ্ধাঞ্জলীঃ 3


পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ গীতবোৰ ইমান অধিক হৃদয়স্পৰ্শী আছিল যে তেওঁৰ মৃত্যুত সমগ্ৰ অসম বাসী শোকস্তদ্ধ হৈ পৰিছিল। কন্ঠশিল্পীগৰাকীয়ে লাভ কৰা বঁটাসমূহ হৈছে ক্ৰমেঃ

১. সংগীত নাটক অকাডেমি বঁটা (১৯৮৯),

২. পদ্মশ্ৰী (১৯৯১)

৩. ডি লিট উত্তৰ বংগ বিশ্ববিদ্যালয় (২০০০),

"হস্তীৰ কন্যা" পদ্মশ্ৰী প্ৰতিমা বৰুৱাৰ পাণ্ডেলৈ একাজঁলি শ্ৰদ্ধাঞ্জলীঃ 4

৪. অসম শিল্পী দিৱস বঁটা,

. জয়মতী বঁটা,

. বিষ্ণুৰাভা বঁটা,

৭. অসম নাট্য সমিতি বঁটা,

৮. ৰবীন্দ্ৰ ভাৰতী

৯. বিশ্ববিদ্যালয়ৰ প্ৰশস্তি পত্ৰ,
অব্বাছুদ্দিন মেম’ৰিয়েল বঁটা (কলকাতা)

এই গৰাকী মহান শিল্পীৰ মৃত্যু বাৰ্ষিকীত ৰূপালী পৰ্দাৰ ফালৰ পৰা তেওঁলৈ জনাইছো একাজঁলি শ্ৰদ্ধাঞ্জলী।

Add comment

Leave a Reply