১৯৬১ চনৰ পৰা ২০০২ চনলৈ অসমীয়া সংস্কৃতি জগতত সক্ৰিয় হৈ থকা অসমীয়া তথা বাংলা ছবিত অভিনীত অভিনেত্ৰী গৰাকী হৈছে বিদ্যা ৰাওঁ। অসমীয়া মাতৃ আৰু মহাৰাষ্ট্ৰীয় পিতৃৰ সন্তান এই গৰাকী অভিনেত্ৰীয়ে ছয় বছৰ বয়সতে ড° ভূপেন হাজৰিকাৰ ছবি “শকুন্তলা” ত এটি শিশু চৰিত্ৰ ৰূপায়ন কৰিছিল।

২৯ খন অসমীয়া ছবিৰ ভিতৰত বিদ্যা ৰাও অভিনীত আজলী নবৌ, সেন্দুৰ, ঘৰ-সংসাৰ, জীৱন সুৰভি, মনমন্দিৰ আদি ছবি জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ উপৰিও অভিনেত্ৰী গৰাকীয়ে প্ৰায় ২০ খন বাংলা ছবিতো অভিনয় কৰিছে।

ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত হৈ থকা এই গৰাকী অভিনেত্ৰীয়ে সন্ধ্যাতৰা, বিষবাস্প, ১৪ আগষ্ট, আকাশী লতাৰ ৰং, সীমা আদি ধাৰাবাহিকৰ প্ৰযোজনাৰ সৈতে জড়িত হৈ আছিল।
Add comment