JNU ৰ ছাত্ৰৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ বিৰোধিতাত জ্বলিছে প্ৰায় সমূহ জনসাধাৰণ। বাট-পথলৈ প্ৰতিবাদী ৰাইজ ওলাই অহাৰ লগতে টুইটাৰতো বলীউড চিলেব্ৰেটীয়ে প্ৰতিবাদ সাবস্ত্য কৰা দেখিবলৈ পোৱা গ’ল। এনে পৰিপ্ৰেক্ষিততে, যোৱা কালি JNU কেম্পাছত উপস্থিত হয় বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন। ছাত্ৰ-ছাত্ৰী সমূহৰ সৈতে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে অভিনেত্ৰী গৰাকীয়ে।

দীপিকা পাডুকনে তাত ১০ মিনিট সময় উপস্থিত হোৱাৰ লগতে আঘাতপ্ৰাপ্ত শিক্ষাৰ্থীৰ খবৰ লোৱাও দেখিবলৈ পোৱা যায়। কিন্তু, দীপিকাৰ এই খোজত য’ত একাংশই তেওঁৰ আহিবলগীয়া ছবি “চাপাক” ক কেন্দ্ৰ কৰি টুইটাৰত “#BoycottChapaak ৰ ট্ৰেণ্ড চলাইছে; তাতেই আকৌ বলীউড চিলেব্ৰেটীয়ে অভিনেত্ৰী গৰাকীৰ এই খোজত প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে।
1 comment