অহা ৯ জানুৱাৰীত মুক্তি পাবলগীয়া দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ ছবি “দৰবাৰ”-এ মুক্তিৰ পূৰ্বেই দৰ্শকক উৎসাহিত কৰিছে। আছলতে, ৰজনীকান্তৰ প্ৰায় সকলো ছবিৰ মুক্তিয়ে দক্ষিণত এক উৎসৱৰ নিচিনা পালন কৰা দেখিবলৈ পোৱা যায়।

এ.আৰ.মুৰুগাদাসৰ দ্বাৰা পৰিচালিত এই ছবিখনত ৰজনীকান্তে এগৰাকী আৰক্ষী বিষয়াৰ ভূমিকা ৰূপায়ন কৰিছে। প্ৰায় ২৭ বছৰ পিছত ৰজনীকান্তক পুলিচৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব। ছবিখনত চুপাৰষ্টাৰ গৰাকীৰ বিপৰীতে অভিনয় কৰিছে নয়নতাৰাই।

উল্লেখ্য যে, উক্ত ছবিখনৰ উপভোগৰ বাবে কালিৰ দিনটোত দক্ষিণৰ এক কোম্পানীয়ে কৰ্মচাৰী সকলক “পেইড লিভ” দিয়াৰ উপৰিও তেওঁলোকক ৰজনীকান্তৰ ছবিখনৰ টিকটো প্ৰদান কৰে। ৰজনীকান্তৰ ছবিৰ মুক্তিত এই কোম্পানীটোৱে প্ৰত্যেকবাৰেই এনে কৰা দেখিবলৈ পোৱা যায়।
Add comment