Rupaliparda.com
সাৰাৰ "লভ আজ কল" ৰ ট্ৰেইলাৰে আকৰ্ষিত নকৰিলে পিতৃ ছেইফকঃ 1

সাৰাৰ “লভ আজ কল” ৰ ট্ৰেইলাৰে আকৰ্ষিত নকৰিলে পিতৃ ছেইফকঃ

সাৰা আলি খান আৰু কাৰ্তিক আৰিয়ন অভিনীত বহু প্ৰত্যাশিত ছবি “লভ আজ কল” ৰ ট্ৰেইলাৰে ইতিমধ্যে মুক্তি লাভ কৰিছে। ৰিপোৰ্ট অনুসৰি এই ট্ৰেইলাৰটোৱে দৰ্শকক বহুখিনি ক্ষেত্ৰত আকৰ্ষিত কৰিছে যদিও বহু দৰ্শকক ভ্ৰমিত কৰা বুলিও শুনিবলৈ পোৱা গৈছে; অৰ্থাৎ এই ট্ৰেইলাৰটোক লৈ মিশ্ৰিত মন্তব্য দেখা গৈছে।


এতিয়া আপুনি জানি আচম্বিত হ’ব যে জীয়েক সাৰা আলি খানৰ এই ছবিখনৰ ট্ৰেইলাৰে আকৰ্ষিত কৰিব পৰা নাই পিতৃ ছেইফ আলি খানক। ২০০৯ চনত মুক্তিপ্ৰাপ্ত ছবি “লভ আজ কল” ত অভিনয় কৰিছিল ছেইফ আলি খানে। গতিকে উক্ত ছবিখনৰ চিকুৱেল ছবিৰ ট্ৰেইলাৰে কিন্তু মুগ্ধ কৰিব নোৱাৰিলে সাৰাৰ নিজ পিতৃকো।

সাৰাৰ "লভ আজ কল" ৰ ট্ৰেইলাৰে আকৰ্ষিত নকৰিলে পিতৃ ছেইফকঃ 2


এক সাক্ষাৎকাৰ যোগে ছেইফ আলি খানে উক্ত ছবিখনৰ বাবে জীয়ৰী আৰু তেওঁৰ সমগ্ৰ টিমক শুভকামনা দিয়াৰ লগতে কয় যে, তেওঁ অভিনীত “লভ আজ কল” ছবিখনৰ ট্ৰেইলাৰ অধিক ভাল আছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform