Rupaliparda.com
"মলয়া বাইদেউৰ জীয়েক" এইবাৰ ৰূপালী পৰ্দাতঃ 1

“মলয়া বাইদেউৰ জীয়েক” এইবাৰ ৰূপালী পৰ্দাতঃ

শিৱসাগৰৰ জীয়ৰী সুকন্যা বৰুৱা। এগৰাকী প্ৰতিভাৱান অভিনেত্ৰী আৰু লগতে এগৰাকী নৃত্যশিল্পী। আচুৰ্য্য বৰপাত্ৰৰ কন্ঠত মুক্তিপ্ৰাপ্ত “মলয়া বাইদেউৰ জীয়েক” শীৰ্ষক গীতটি আছিল সুকন্যাৰ কেৰিয়াৰৰ টাৰ্নিং পইন্ট। তেওঁৰ অনুৰাগীৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া। চচিয়েল মিডিয়াত কৰা একোটা পোষ্টত অহা লাইক যোগে বুজিব পৰা যায় যে অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ সংখ্যা কিমান।

"মলয়া বাইদেউৰ জীয়েক" এইবাৰ ৰূপালী পৰ্দাতঃ 2


আজিৰ দেওঁবৰীয়া সাক্ষাৎকাৰ বিশেষত আমাৰ সৈতে আছে সুকন্যা বৰুৱা। তেওঁৰ সৈতে হোৱা বিভিন্ন কথা-বতৰা যোগে তেওঁ নিজৰ কথা সমূহ ব্যক্ত কৰিছিল। চাওঁচোন আহকঃ

প্ৰশ্নঃ তুমি অভিনয় ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত??

"মলয়া বাইদেউৰ জীয়েক" এইবাৰ ৰূপালী পৰ্দাতঃ 3

সুকন্যাঃ মোৰ সৰুৰে পৰাই অভিনয়ৰ প্ৰতি ৰাপ আছে। যেতিয়া টিভি ৰ ওচৰত বহিছিলো তেতিয়া আন অভিনেতা-অভিনেত্ৰীৰ সৈতে নিজক খাপ খোৱাই চাইছিলো। তৃতীয়-চতূৰ্থ শ্ৰেণীৰ পৰাই মই নাট্য স্কুলত নামভৰ্তি কৰিছিলো আৰু তেতিয়াৰ পৰাই মই অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত।
বৰ্তমানেও লাহে লাহে এই ক্ষেত্ৰখনত আগবঢ়াৰ চেষ্টা কৰি আছো।

প্ৰশ্নঃ অভিনয়ৰ লগতে নৃত্যৰ ক্ষেত্ৰখনতো তুমি সমানে আগৰণুৱা! তোমাৰ নৃত্যৰ কেইটিমান ভিডিঅ’ চচিয়েল মিডিয়াতো ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছিল। নৃত্যৰ বাবে “inspiration” ৰ ক’ৰ পৰা পোৱা??

https://www.instagram.com/p/B7GsCfhgBuJ/?utm_source=ig_web_copy_link

সুকন্যাঃ অভিনয়ৰ লগতে মই নৃত্যৰ শিক্ষা সৰুৰ পৰাই লৈছো আৰু দুয়ো ক্ষেত্ৰত সমানে আগবঢ়াৰ চেষ্টা কৰিছো। সত্ৰীয়া নৃত্যত বিষাৰদ লোৱাৰ উপৰিও মই চেমি ক্লাছিকেল আৰু মৰ্ডাণ নিজাববীয়াকৈ শিকিছো। লগতে, আজি কালি চচিয়েল মিডিয়াত ইমানেই নতুন নতুন বস্তু আৰু নতুন নতুন প্ৰতিভা দেখিবলৈ পোৱা যায় যে তাৰ পৰাই মই প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হওঁ।
ইয়াৰ লগতে, মই ক’বই লাগিব যে বিহু আমাৰ তেজে তেজে আছে; অসমীয়া গীত লগতে বিহু গীত শুনিলে নাচিবটো মন যায়েই। গতিকে গীত বোৰ শুনাৰ লগে লগে নাচিব মন যায় আৰু তেনেকৈয়ে মই নাচি দিয়ো; মনৰ পৰা নাচো বাবেই হয়তো দৰ্শকে পচন্দ কৰে।

প্ৰশ্নঃ “মলয়া বাইদেউ জীয়েক” বুলি তোমাক এতিয়াও বহু দৰ্শকে মাতে হয়টো। তোমাৰ কেনেকুৱা অনুভৱ হয়??

"মলয়া বাইদেউৰ জীয়েক" এইবাৰ ৰূপালী পৰ্দাতঃ 4

সুকন্যাঃ হয়, এইটো কথা মই ক’বই লাগিব। মই এই গীতটোক নিজৰ জীৱনত টাৰ্ণিং পইন্ট হিচাপে লৈছো। আছলতে, “মলয়া বাইদেউ” ৰ গীতটিৰ সৈতে জড়িত সকলোকে মই এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিম। আৰু, মোৰ খুব ভাল লাগে যেতিয়া ৰাইজে এই নামটিৰে মোক সম্বোধন কৰে; কাৰণ এই খিনি মৰম লৈয়ে মই আগবাঢ়ি যাব লাগিব।

প্ৰশ্নঃ অসমীয়া ছবি জগতত কোন জন অভিনেতাৰ সৈতে অভিনয় কৰা ইচ্ছা??

"মলয়া বাইদেউৰ জীয়েক" এইবাৰ ৰূপালী পৰ্দাতঃ 5

সুকন্যাঃ অসমীয়া ছবি জগতৰ মোৰ চিনিয়ৰ সকলোৰে লগতেই মোৰ অভিনয় কৰাৰ ইচ্ছা। তাৰ ভিতৰত বিশেষকৈ যদি নাম ল’ব লাগে তেন্তে মই ল’ম আদিল হুচেইন আৰু প্ৰাঞ্জল শইকীয়া দেৱৰ।
ইয়াৰ উপৰি, যদি সহঃ অভিনেতা হিচাপে ক’বলৈ যাওঁ তেন্তে মই নাম ল’ম উৎপল দাসৰ।

প্ৰশ্নঃ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।

সুকন্যাঃ মই বহু দিন ধৰি একো প্ৰকল্প হাতত লোৱাই নাছিলো। কিন্তু এই নতুন বৰ্ষটোত নিজৰ ফালৰ পৰাও বহু ক্ষেত্ৰত আগবাঢ়ি যাম বুলি ভাবিছো। লগতে, দুই-এটা ভিডিঅ’ৰ কাম চলি আছে; সোনকালেই সকলোৱে দেখিবলৈ পাব।

"মলয়া বাইদেউৰ জীয়েক" এইবাৰ ৰূপালী পৰ্দাতঃ 6

…… ধন্যবাদ সুকন্যা।

সুকন্যাঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform