Rupaliparda.com
ৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰীঃ "মলয়া গোস্বামী"- 1

ৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰীঃ “মলয়া গোস্বামী”-

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন কৰা প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী হৈছে মলয়া গোস্বামী। ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা পৰিচালিত “অগ্নিস্নান” ছবিখনৰ দ্বাৰা নিজৰ অভিনয় জীৱনৰ পাতনি মেলা মলয়া গোস্বামীয়ে প্ৰথমখন ছবিৰ পৰাই লাভ কৰিছিল দৰ্শকৰ সমাদৰ।

ৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰীঃ "মলয়া গোস্বামী"- 2


ইয়াৰ পিছত তেওঁ অভিনীত “ফিৰিঙতি” ছবিখনত তেওঁৰ অভিনয়ে আকৌ এক উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হয়। জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ বাবে মলয়া গোস্বামীয়ে ৩৯ তম ভাৰতীয় ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত “ৰজত-কমল” বঁটা লাভ কৰে।

ৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰীঃ "মলয়া গোস্বামী"- 3


কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰাৰ লগতে অভিনেত্ৰী গৰাকীয়ে কেইবাখনো ধাৰাবাহিক লগতে ৪০ খনৰো অধিক ৰেডিঅ’ ত প্ৰচাৰিত নাটকত সংলাপ দিছে। ইয়াৰ উপৰিও, মলয়া গোস্বামীক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত অসমীয়া ধাৰাবাহিক “ঋতু আহে ঋতু যায়” ৰ বাবে “জয়মতী বঁটা” আৰু “শ্ৰেষ্ঠ টেলিভিছন বঁটা” বঁটা প্ৰদান কৰা হয়। অভিনেত্ৰী গৰাকীক বৰ্তমান ৰং চেনেলত প্ৰচাৰিত “তোমাৰ মৰমে মোক” ধাৰাবাহিকখনত দৰ্শকে দেখিবলৈ পাইছে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.