Rupaliparda.com
শ্বাহৰুখৰ ডায়লগ এমেজন ফাউণ্ডাৰৰ মুখতঃ 1

শ্বাহৰুখৰ ডায়লগ এমেজন ফাউণ্ডাৰৰ মুখতঃ

শ্বাহৰুখ খানক এনেই বলীউডৰ বাদশ্বাহ বুলি কোৱা নহয়; ইয়াৰ অন্তৰ্নিহিত কাৰণো যথেষ্ট আছে। কিং খানৰ জনপ্ৰিয় ডায়লগ সমূহ কেৱল মাত্ৰ তেওঁৰ অনুৰাগীয়ে নহয়; এইবাৰ তেওঁৰ ডায়লগ সোঁৱৰাইছে এমেজনৰ ফাউণ্ডাৰ জেফ বেজোসে। আছলতে, কিছুদিনৰ পৰা জেফ ভাৰতত আছিল আৰু তেওঁক স্বাগতমৰ অৰ্থে এখন অনুষ্ঠানৰ আয়োজন কৰা হৈছিল য’ত উপস্থিত আছিল ৰিতেশ দেশমুখকে ধৰি জেনেলিয়া ডিসুজা, বিদ্যা বালনকে ধৰি আন কেইবাগৰাকীও তাৰকা।

শ্বাহৰুখৰ ডায়লগ এমেজন ফাউণ্ডাৰৰ মুখতঃ 2


ইয়াৰ লগতে, জয়া আখতাৰ আৰু শ্বাহৰুখ খানে তেওঁৰ সৈতে এক বিশেষ কাৰ্যক্ৰমো অনুষ্ঠিত কৰিছিল। জেফৰ সৈতে হোৱা বিভিন্ন কথা-বতৰাৰ পিছত শ্বাহৰুখ খানে তেওঁক হিন্দী ছবিৰ অডি’শ্বন দিবলৈ কোৱাৰ লগতে “ডন” ছবিৰ ডায়লগ শ্বাহৰুখৰ লগে লগে আওঁৰাৱলৈ দিয়ে। তাৰ পিছতেই জেফ বেজোসে ডায়লগটো আওঁৰাৱলৈ লয় আৰু কয় “জেফ কো পকড়না মুস্কিল হি নহী; না মুমকিন হে”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.