অসমীয়া সংগীত জগতত এটা জনপ্ৰিয় নাম হৈছে অংগৰাগ পাপন মহন্তৰ। তেওঁ কেৱল মাত্ৰ অসমীয়া সংস্কৃতিতেই নহয়; বলীউড ক্ষেত্ৰখনতো নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। তেওঁৰ কন্ঠৰ দ্বাৰা অসমবাসীক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰম্বান্বিতও কৰিছে অংগৰাগে।
মুম্বাইত থকা স্বত্বেও অসমীয়া শিপাঁডাল পাহৰা নাই শিল্পী গৰাকীয়ে। ৰবাব টেঙা কাটি নিমখ, জ্বলকীয়াৰে খোৱা এক ভিডিঅ’ ইনষ্টাগ্ৰাম যোগে আপলোড কৰে পাপনে; যি ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত।
উল্লেখ্য যে, কিছু দিন পূৰ্বে অংগৰাগে ৫০০-৬০০ বছৰ পূৰণি বৰগীতক নিজ কন্ঠৰে পুনৰ বাৰ শ্ৰোতাৰ সমুখলৈ আনিছিল। “বৰগীত ঘোষা সংকলন ১” শীৰ্ষক শ্ৰব্য কেছেট খনৰ দ্বাৰা নৱপ্ৰজন্মক বৰগীতৰ সোঁৱাদ দিবলৈ চেষ্টা কৰিছিল কন্ঠশিল্পী গৰাকীয়ে।
Add comment