Rupaliparda.com
১ লাখ ২৫ হাজাৰ টকীয়া বাজেটেৰে নিৰ্মিত ছবিঃ "লাচিত বৰফুকন"- 1

১ লাখ ২৫ হাজাৰ টকীয়া বাজেটেৰে নিৰ্মিত ছবিঃ “লাচিত বৰফুকন”-

১৯৬১ চনত মুক্তিপ্ৰাপ্ত এখন ছবি হৈছে লাচিত বৰফুকন। অসমীয়া ছবি জগতত বুৰঞ্জীমূলক ছবি নিৰ্মাণৰ এক ধাৰা আৰম্ভ কৰা হৈছিল। ১ লাখ ২৫ হাজাৰ টকীয়া বাজেটেৰে নিৰ্মিত এই ছবিখনৰ বেছিভাগ অংশই কলিকতাৰ টেকনিচিয়ান ষ্টুডিঅ’ত শ্বুটিং কৰা হৈছিল লগতে ইয়াৰ বৰ্হিদৃশ্য গ্ৰহণ কৰা হৈছিল কামাখ্যা, বশিষ্ঠাশ্ৰম, ব্ৰহ্মপুত্ৰ আৰু কলংপাৰত।

১ লাখ ২৫ হাজাৰ টকীয়া বাজেটেৰে নিৰ্মিত ছবিঃ "লাচিত বৰফুকন"- 2


ভাষা আন্দোলনৰ সময়ছোৱাত এই ছবিখনৰ আধা কাম মাজতে ৰখাই দিয়া হয়। ন’ মাহ ধৰি ছবিখনৰ নিৰ্মাণৰ কাম বন্ধ হৈ থাকে। লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ কাহিনীক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছিল ছবি “লাচিত বৰফুকন”।

১ লাখ ২৫ হাজাৰ টকীয়া বাজেটেৰে নিৰ্মিত ছবিঃ "লাচিত বৰফুকন"- 3


“লাচিত বৰফুকন” ছবিখনত অভিনয় কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তী, ফণী শৰ্মা,সুৰেন্দ্ৰনাথ দাস, শৰৎচন্দ্ৰ বৰুৱা, জীৱেশ্বৰ চক্ৰৱৰ্তী, প্ৰবীণ ফুকন, ক্ষীএদাকান্ত বিষয়া, তুলসী দাস, লক্ষ্যধৰ চৌধুৰী, অমেলন্দু বাগ্‌চী, মোৱাজ্জিন আলি, হীৰেণ চৌধুৰী, ইভা আচাও,বীণা দাস, কুমাৰী কৃষ্ণা, ৰেণু বৰঠাকুৰ, হেমেন বৰুৱা, যোগেন বৰকাকতী, মায়া তামুলী, কনক দাস, পীৰবক্স, হৰেন দাস, দীন শৰ্মা, গজেন দাস, কৰুণা মহন্ত, বীৰেশ্বৰ শৰ্মা আৰু সূৰ্য বৰাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.