অসমীয়া সাহিত্য জগতৰ এক চিনাকী নাম হৈছে লক্ষ্যধৰ চৌধুৰী। একেধাৰে এজন অভিনেতা, গল্পকাৰ, চলচিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ এই গৰাকী শিল্পীয়ে অসমীয়া সংস্কৃতি জগতত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

তেতিয়াৰ কটন কলেজৰ পৰা সুখ্যাতিৰে বিজ্ঞান শাখাত স্নাতক লাভ কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে। নৱম শ্ৰেণীতে তেওঁ “একলব্য” নামে এখন নাট ৰচনা কৰি নিজৰ প্ৰতিভাৰ এক সুক্ষ্ম পৰিচয় ৰাইজৰ মাজত দাঙি ধৰে আৰু ইয়াৰ পিছতেই তেওঁ প্ৰায় ৮ খন নাটক ৰচনা কৰে।

ৰংগমঞ্চৰ পৰা আহি এই গৰাকী শিল্পীয়ে দুখনকৈ অসমীয়া ছবি ক্ৰমে “নিমিলা অংক” আৰু “বদন বৰফুকন” ত অভিনয় কৰে। ইয়াৰ লগতে, “নিমিলা অংক” ছবিখনৰ পৰিচালক হিচাপেও আছিল লক্ষ্যধৰ। ১৯৬১ চনত মুক্তিপ্ৰাপ্ত ছবি “লাচিত বৰফুকন” ত প্ৰবীণ ফুকনৰ সৈতে যুটীয়াভাৱে পৰিচালনাও কৰিছিল লক্ষ্যধৰ চৌধুৰীয়ে। ২০০০ চনৰ ১৮ আগষ্টত এই গৰাকী মহান শিল্পীয়ে ইহলীলা সম্বৰণ কৰে।
Add comment