Rupaliparda.com
" ছপাক" ৰ বস্ক অফিচ কালেকচন কম হোৱাক লৈ মেঘনা গুলজাৰৰ মন্তব্যঃ 1

” ছপাক” ৰ বস্ক অফিচ কালেকচন কম হোৱাক লৈ মেঘনা গুলজাৰৰ মন্তব্যঃ

দীপিকা পাডুকন প্ৰডাকচন হাউচৰ দ্বাৰা নিৰ্মিত ছবি “ছপাক” ছবিগৃহত কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল। ছবিখনে দৰ্শক তথা সমালোচকৰো বহু ভাল ৰিভিউ পাবলৈ সক্ষম হৈছিল।মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে বহু বেছি ধনাত্মক মতামত লাভ কৰিছিল যদিও ই বস্ক অফিচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। ১০ জানুৱাৰীৰ পৰা এই ছবিখনে মাত্ৰ ২৬ কোটি টকাহে লাভ কৰিবলৈ সক্ষম হৈছে।

" ছপাক" ৰ বস্ক অফিচ কালেকচন কম হোৱাক লৈ মেঘনা গুলজাৰৰ মন্তব্যঃ 2
" ছপাক" ৰ বস্ক অফিচ কালেকচন কম হোৱাক লৈ মেঘনা গুলজাৰৰ মন্তব্যঃ 3


এই সন্দৰ্ভত হোৱা কথা বতৰাত পৰিচালক মেঘনা গুলজাৰে কয় যে ছবিখনক লৈ যি আশা কৰিছিলো ঠিক তেনেদৰেই ই চলিছে। যেতিয়া তেওঁক আকৌ ছবিখনৰ বস্ক অফিচ কালেকচনৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ দীপিকা পাডুকনৰ প্ৰশংসা কৰাৰ লগতে কয় যে, “দীপিকাৰ ছবিয়ে প্ৰায় ৩০০ কোটি টকা লাভ কৰিছিল; তেওঁ যদি “নম্বৰ গেম” ত পৰিলেহেঁতেন তেতিয়াহ’লে এই ছবিখন নকৰিলেহেঁতেন”।

1 comment

Leave a Reply

Most popular