Rupaliparda.com
অতি শীঘ্ৰে এক ন-ৰূপেৰে আহি আছে চকু টিপ মৰা প্ৰিয়াঃ 1

অতি শীঘ্ৰে এক ন-ৰূপেৰে আহি আছে চকু টিপ মৰা প্ৰিয়াঃ

মাত্ৰ এটা চকুটিপ আৰু এটা ভাইৰেল ভিডিঅ’ৰ সৈতে দৰ্শকৰ হৃদয় জিনিছিল এগৰাকী অভিনেত্ৰীয়ে। এটা ভিডিঅ’ৰ বাবে তেওঁক চচিয়েল মিডিয়াত মিলিয়ন-মিলিয়ন অনুৰাগীয়ে ফ’ল’ কৰিবলৈ আৰম্ভ কৰিলে। বিগত বহু দিন ধৰি তেওঁৰ খবৰে শিৰোনাম দখল কৰা নাছিল যদিও এতিয়া আৰু অপেক্ষাৰ অন্ত পৰিল। অতি শীঘ্ৰেই আপোনালোকৰ ওচৰলৈ আহি আছে প্ৰিয়া প্ৰকাশ।

অতি শীঘ্ৰে এক ন-ৰূপেৰে আহি আছে চকু টিপ মৰা প্ৰিয়াঃ 2
অতি শীঘ্ৰে এক ন-ৰূপেৰে আহি আছে চকু টিপ মৰা প্ৰিয়াঃ 3


প্ৰিয়া ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি “লভ হেকাৰ্ছ” ৰ শ্বুটিঙত। ইতিমধ্যে শ্বুটিঙৰ সময়ছোৱাৰ কেইবাখনো ফটো ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। মায়াংক প্ৰকাশ শ্ৰী বাস্তৱৰ দ্বাৰা পৰিচালিত এই ছবিখনত প্ৰিয়া এগৰাকী চাইবাৰ ক্ৰিমিনেলত বলি হোৱা নাৰী ৰূপত দেখিবলৈ পোৱা যাব। প্ৰিয়াৰ বিপৰীতে এই ছবিখনত অভিনয় কৰিছে সিদ্ধাৰ্থ মহাজনে।

https://www.instagram.com/p/B50ECVHAgU6/?utm_source=ig_web_copy_link


মুম্বাইত শ্বুটিং চলি থকা এই ছবিখন হৈছে এখন ক্ৰাইম থ্ৰীলাৰযুক্ত ছবি।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.