অসমীয়া চলচিত্ৰ জগতত প্ৰথমখন ৰঙীণ ছবি নিৰ্মাণ কৰা পৰিচালক গৰাকী হৈছে কমল নাৰায়ণ চৌধুৰী। প্ৰথমখন ৰঙীণ ছবি “ভাইটি” ৰ নিৰ্মাতা ৰূপে এই গৰাকী পৰিচালক চিৰস্মৰণীয়। তেওঁ কেইবাখনো ছবিত অভিনয় কৰাৰ লগতে ছবিসমূহত সংগীত পৰিচালনাও কৰিছিল।


১৯৬১ চনত জন্মগ্ৰহণ কৰা শিল্পী গৰাকীয়ে “মনোমতী” ছবিখনত সংগীত পৰিচালক হিচাপে কাম কৰি ছবি ক্ষেত্ৰখনত প্ৰথম খোজ পেলায়। তাৰ পিছতেই তেওঁ নিজৰ প্ৰথমখন ছবি “বদন বৰফুকন” আৰু পিছলৈ ৰঙীণ ছবি “ভাইটি” পৰিচালনা কৰে। ইয়াৰ লগতে তেওঁ প্ৰতিধ্বনি, নিমিলা অংক, মুকুতা, মৰম, মন প্ৰজাপতি আদি কেইবাখনো ছবিত অভিনয় কৰে।
Add comment