Rupaliparda.com
৩১ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে টংলাত "কলাগুৰু সংগীত মহোৎসৱ" 1

৩১ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে টংলাত “কলাগুৰু সংগীত মহোৎসৱ”

আগন্তুক ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে মুঠ দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে “কলাগুৰু সংগীত মহোৎসৱ”।বিগত তিনিটা বৰ্ষৰ দৰেই ওদালগুৰি টংলা জিলাস্থিত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হ’ব এই মহোৎসৱখন। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্বন আৰু জুবিন গাৰ্গ ফেন ক্লাৱৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানখনত ৰাভা সংগীত আৰু জংকী বৰঠাকুৰ সোঁৱৰণি আধুনিক গীত প্ৰতিযোগিতা সদৌ অসম ভিত্তিত আয়োজন কৰা হ’ব।

৩১ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে টংলাত "কলাগুৰু সংগীত মহোৎসৱ" 2


কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিনত মহান শিল্পী গৰাকীক স্মৰণ কৰি আয়োজিত “কলাগুৰু সংগীত মহোৎসৱ” ত সকলো জনসাধাৰণক উপস্থিত থকাৰ আহ্বান জনায় কলাগুৰু আৰ্টিষ্ট ফাউণ্ডশ্যনৰ সভাপতি তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.