Rupaliparda.com
"এংগগেজ" হ'ল অসমবাসীৰ অটো'ৱালাঃ 1

“এংগগেজ” হ’ল অসমবাসীৰ অটো’ৱালাঃ

যুগ্ম জীৱনৰ প্ৰথমটো চিৰিত খোজ পেলালে কন্ঠশিল্পী ভৃগু কাশ্যপে। অসমীয়া অভিনত্ৰী প্ৰিয়ম পল্লৱীৰ সৈতে “এংগগেজ” হ’ল কন্ঠশিল্পী গৰাকী। চচিয়েল মিডিয়াত প্ৰায়ে দুয়োগৰাকীৰ ফটোৱে দৰ্শকক আকৰ্ষিত কৰি ৰাখিছিল। তেওঁলোকৰ ফটো অথবা একলগে কৰা পোষ্ট সমূহ ভাইৰেল হোৱাও দেখিবলৈ পোৱা যায় চচিয়েল মিডিয়াত।


একে ৰঙৰ কাপোৰ পিন্ধি ভৃগুৱে অৱশেষত পিন্ধালে প্ৰিয়মক সেন্দুৰ। ভৃগু-প্ৰিয়মৰ এই সুখৰ সময়ছোৱাত তাত উপস্থিত হৈছিল কিছুদিন পূৰ্বে “এংগগেজ” হোৱা কন্ঠশিল্পী ৰাকেশ ৰিয়ানো। ৰাকেশে নিজ ইনষ্টাগ্ৰাম যোগে কৰা পোষ্টত চাৰিও গৰাকীকে দেখিবলৈ পায় উৎসাহিত হৈ পৰিছে তেওঁলোকৰ অনুৰাগীও।

"এংগগেজ" হ'ল অসমবাসীৰ অটো'ৱালাঃ 2


বিগত বছৰত ভৃগুৰ কন্ঠত মুক্তিপ্ৰাপ্ত “লাজে লাজে” শীৰ্ষক গীতটিৰ ভিডিঅ’ত প্ৰিয়ম-ভৃগুৰ “কেমেষ্ট্ৰী” দৰ্শকে দেখিবলৈ পাইছিল।

Add comment

Leave a Reply