Rupaliparda.com
ভিলেইন ও মূখ্য চৰিত্ৰঃ ৰূপম চেতিয়া জন্মদিন বিশেষ- 1

ভিলেইন ও মূখ্য চৰিত্ৰঃ ৰূপম চেতিয়া জন্মদিন বিশেষ-

অসমীয়া চলচিত্ৰ তথা ধাৰাবাহিক লগতে নাটকৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত এগৰাকী অভিনেতা। মূখ্য চৰিত্ৰয়েই হওঁক অথবা ভিলেইনৰ চৰিত্ৰয়েই হওঁক ; এই দুয়োটাৰ যিকোনো চৰিত্ৰতে নিজক খাপ খুৱাই ল’ব পাৰে এই অভিনেতা গৰাকীয়ে। অভিনেতা গৰাকী হৈছে জাহ্নু বৰুৱা, মঞ্জু বৰা আদি জনপ্ৰিয় পৰিচালকৰ চিনেমাত অভিনীত অভিনেতা ৰূপম চেতিয়া। যোৰহাটস্থিত এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেতাক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা।

ভিলেইন ও মূখ্য চৰিত্ৰঃ ৰূপম চেতিয়া জন্মদিন বিশেষ- 2


প্ৰথমতেই ভাওঁনাত অভিনয় কৰি অভিনয় ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হৈছিল অভিনেতা গৰাকী। ইয়াৰ পিছতেই তেওঁ গুৱাহাটীলৈ আহে আৰু “ছিগাল” থিয়েটাৰৰ সৈতে জড়িত হৈ পৰে। জনপ্ৰিয় অভিনেতাৰ তালিকাখনত নিজ নাম সাঙুৰ খুৱাই দিয়া এই গৰাকী অভিনেতাৰ বৰ্তমান অনুৰাগীৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া।

ভিলেইন ও মূখ্য চৰিত্ৰঃ ৰূপম চেতিয়া জন্মদিন বিশেষ- 3
ভিলেইন ও মূখ্য চৰিত্ৰঃ ৰূপম চেতিয়া জন্মদিন বিশেষ- 4


আগন্তুক অসমীয়া ছবি “উল্কা” ত এক ব্যতিক্ৰমী ৰূপত দৰ্শকে দেখিবলৈ পাব অভিনেতা ৰূপম চেতিয়াক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.