Rupaliparda.com
"ভূত" ট্ৰেইলাৰে পালে দৰ্শকৰ মিশ্ৰিত মন্তব্যঃ 1

“ভূত” ট্ৰেইলাৰে পালে দৰ্শকৰ মিশ্ৰিত মন্তব্যঃ

বিকি কৌশল আৰু ভূমি পেডনেকৰ অভিনীত বহু প্ৰত্যাশিত ছবি “ভূত” ৰ ইতিমধ্যে মুক্তি লাভ কৰিছে ট্ৰেইলাৰ। ছবিখনক লৈ বহু দৰ্শক উৎসাহিত হৈ পৰিছিল যদিও ট্ৰেইলাৰ মুক্তিৰ পিছত ছবিখনক লৈ দৰ্শকৰ পৰা মিশ্ৰিত মন্তব্য দেখিবলৈ পোৱা গৈছে। কোনোৱে যদি ইয়াক “বেকাৰ” বুলি কৈছে; কোনোৱে আকৌ ছবিখনৰ কাহিনীভাগক লৈ আশা প্ৰকাশ কৰিছে।

"ভূত" ট্ৰেইলাৰে পালে দৰ্শকৰ মিশ্ৰিত মন্তব্যঃ 2


বিকি কৌশলৰ আগন্তুক ছবি “ভূতঃ ডা হন্টেড ছিপ” ত এক সমূদ্ৰী জাহাজৰ কাহিনী দেখিবলৈ পোৱা যাব। ছবিখনত এগৰাকী চিভিল ইঞ্জিনিয়াৰৰ চৰিত্ৰ ৰূপায়ন কৰা বিকি কৌশলে যেতিয়া জাহাজ খনৰ ৰহস্য উদঘাটন কৰিবলৈ যাব তেতিয়া তাত তেওঁ আৰু অধিক ভিন্ন ভয়ানক পৰিস্থিতিৰ সন্মুখীন হয়।

https://twitter.com/akki_dhoni/status/1224232359245099010?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1224232359245099010&ref_url=https%3A%2F%2Faajtak.intoday.in%2Fstory%2Fbhoot-trailer-vicky-kaushal-karan-johar-twitter-disappointed-fresh-story-scary-tmov-1-1160552.html


ধৰ্মা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালনা কৰিছে ভানু প্ৰতাপ সিঙে। “ভূতঃ ডা হন্টেড ছিপ” ছবিখনে মুক্তি লাভ কৰিব ২১ ফেব্ৰুৱাৰী ২০২০ তাৰিখে। উল্লেখ্য যে, এই ছবিখন আয়ূসমান খুৰানাৰ ছবি “শুভ মংগল জ্যাদা সাৱধান” ৰ সৈতে একেলগে মুক্তি লাভ কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.