Rupaliparda.com
"অস্কাৰ ২০২০" ত শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল "জোকাৰ বাঁকিন" ৰঃ 1

“অস্কাৰ ২০২০” ত শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল “জোকাৰ বাঁকিন” ৰঃ

হলীউড “জোকাৰ” ছবিখনে মুক্তি লাভ কৰা পিছৰ পৰাই ই দৰ্শকৰ মনত ৰাজত্ব কৰিছিল। ছবিখনৰ কাহিনীকে ধৰি বাঁকিন ফিনিস্কৰ অভিনয়ে ছবিখন দৰ্শকৰ বাবে আৰু অধিক উপভোগ্য কৰি তুলিছিল। দৰ্শকৰ লগতে ছবি সমালোচকেও ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল। এনে প্ৰশংসাৰ পিছতেই এতিয়া বাঁকিন ফিনিস্কে ২০২০ বৰ্ষৰ “অস্কাৰ এৱাৰ্ড” ত লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ।

"অস্কাৰ ২০২০" ত শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল "জোকাৰ বাঁকিন" ৰঃ 2


নিজ কেৰিয়াৰত কৰা কাম সমূহৰ মাজত “জোকাৰ” ত দিয়া সৰ্বশ্ৰেষ্ঠ অভিনয়ৰে দৰ্শকৰ মন মোহা এই গৰাকী অভিনেতাই অস্কাৰৰ পূৰ্বেই কেইবাটাও উল্লেখনীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল; সেইকেইটা হৈছে ক্ৰমে Grammy 2020, Golden Globes Awards 2020, BAFTA 2020 ইত্যাদি।

"অস্কাৰ ২০২০" ত শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল "জোকাৰ বাঁকিন" ৰঃ 3


“অস্কাৰ এৱাৰ্ড” ত অন্তৰ্ভূক্ত শ্ৰেষ্ঠ অভিনেতাৰ এই তালিকা খনত বাঁকিনৰ সৈতে মনোনয়ন লাভ কৰিছিল অভিনেতা লিয়নাৰ্ডো, জোনাথন, এডম ড্ৰাইবৰ আৰু এন্টোনিঅ’ য়ে। কিন্তু অৱশেষত এই সকলোকে পিছ পেলাই খিতাপ দখল কৰে বাঁকিনে।


এৱাৰ্ড গ্ৰহণ কৰাৰ পিছতেই অভিনেতা গৰাকীয়ে দিয়া আৱেগপ্ৰৱণ বক্তব্যই আকৌ এবাৰ আকৰ্ষিত কৰিছে দৰ্শকক। টুইটাৰত বিভিন্নজনে ইয়াৰ ওপৰত নিজ মন্তব্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform