বৰ্তমান সময়ৰ বলীউডৰ ফিট আৰু গ্লেমাৰেচ অভিনেত্ৰীৰ ভিতৰত দিশা পাটানীৰ নাম উল্লেখনীয়। তেওঁ অভিনীত বহু কম ছবি আছে যদিও বৰ্তমান তেওঁৰ অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া। আছলতে, দিশা পাটানী কেইবাদিনো ধৰি টাইগাৰ শ্ৰফৰ সৈতে থকা সম্বন্ধৰ বাবে চৰ্চা লাভ কৰিছিল। কিন্তু, বৰ্তমান দুয়ো তাৰকাই উক্ত বিষয়ত মৌনতা ৰখা দেখিবলৈ পোৱা গৈছে।

পিংক ভিলাৰ তথ্যনুসৰি, দিশাই মন্তব্য কৰে যে তেওঁক স্কুল অথবা কলেজীয়া দিনত কোনো ল’ৰাই প্ৰেমৰ প্ৰস্তাৱ দিয়া নাছিল। লগতে, অভিনেত্ৰীগৰাকীয়ে স্কুলত নিজকে “টম বয়” আছিল বুলিও জানিবলৈ দিয়ে আৰু এই কাৰণেই তেওঁক কোনো ল’ৰাই প্ৰেমৰ প্ৰস্তাৱ দিয়া নাছিল বুলি কয়।

ইয়াৰ উপৰিও, দিশাই কয় যে, “মোৰ দেউতা পুলিচত আছিল, এই কাৰণেই হয়টো মোক কোনো নুসুধিলে; তাৰ পিছত কলেজ গ’লো তাতো কোনো নুসুধিলে। তাৰ পিছত, ইয়ালৈ আহিলো আৰু কেতিয়াবা পাৰ্টীত গ’লেও মই লগ পোৱা নাই তেনেকুৱা কাকোৱেই। দুখৰ জীৱন চলিছে।”
1 comment