Rupaliparda.com
১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ "পাৰস-শ্বেহনাজ" ৰ স্বয়ম্বৰঃ 1

১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ “পাৰস-শ্বেহনাজ” ৰ স্বয়ম্বৰঃ

“বিগ বছ ১৩” সমাপ্তিৰ পিছত অনুৰাগীৰ মনোৰঞ্জনক উদ্দেশ্যি কাৰ্লাছে এক নতুন ৰিয়েলিটী শ্ব’ ৰ আয়োজন কৰিছে। ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই শ্ব’টো হ’ব “স্বয়ম্বৰ” ৰ। বিগ বছ ১৩ ৰ প্ৰতিযোগীক লৈ নিৰ্মাণ কৰা হৈছে এই শ্ব’টো। কিন্তু, ইয়াত কোন থাকিব তাক লৈ বিভিন্ন খবৰ অহা দেখিবলৈ পোৱা গৈছে। প্ৰথমতে, শ্বেহনাজ গিল আৰু তাৰ পিছত আছিম ৰিয়াজৰ “স্বয়ম্বৰ” ৰ কথা জনোৱা হৈছিল যদিও আছিম ৰিয়াজৰ পৰিয়ালে এই কথা নাকচ কৰে।

১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ "পাৰস-শ্বেহনাজ" ৰ স্বয়ম্বৰঃ 2
১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ "পাৰস-শ্বেহনাজ" ৰ স্বয়ম্বৰঃ 3


কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ তথ্যনুসৰি, এই শ্ব’টো পাৰস শ্বাৱৰা আৰু শ্বেহনাজ গিলৰ “স্বয়ম্বৰ”ক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব। বিগ বছৰ বৰ্তমানৰ ঘৰটোক আৰু অলপ উন্নত কৰি তাত পাৰস-শ্বেহনাজক আৱদ্ধ কৰি ৰখা হ’ব। য’ত তেওঁলোকৰ সৈতে থাকিব ১২ গৰাকী আন প্ৰতিযোগী। এই ১২ প্ৰতিযোগীৰ মাজত ৬ গৰাকী শ্বেহনাজৰ আৰু ৬ গৰাকী পাৰসৰ “মেচ্ছ” হ’ব। উল্লেখ্য যে, উক্ত শ্বটোত পাৰস-শ্বেহনাজৰ সৈতে থাকিব ৰশ্মি আৰু সিদ্ধাৰ্থ দেশাই; য’ত তেওঁলোকে পাৰস-শ্বেহনাজৰ “পাৰফেক্ট মেচ্ছ” বিচৰাত সহায় কৰিব।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform