Rupaliparda.com
পৰিৱেশ সম্পৰ্কীয় শ্ৰেষ্ঠ বোলছবিঃ "বনানি"- 1

পৰিৱেশ সম্পৰ্কীয় শ্ৰেষ্ঠ বোলছবিঃ “বনানি”-

১৯৯০ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “বনানি”। জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এই ছবিখনে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ পৰিৱেশ সম্পৰ্কীয় শ্ৰেষ্ঠ বোলছবিৰ বঁটা লাভ কৰিছিল। এগৰাকী বন বিষয়াৰ নিষ্ঠা আৰু কৰ্মৰ প্ৰতি থকা দৃঢ়তাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল অসমীয়া ছবি “বনানি”।

পৰিৱেশ সম্পৰ্কীয় শ্ৰেষ্ঠ বোলছবিঃ "বনানি"- 2
A Portrait of the Jury Member of 37th International Film Festival of India (IFFI-2006) (Asian – African – Latin American Competition) Jahnu Barua, (Director from Assam, India).


জনজাতীয় লোকসকলৰ বাবে এজন বন বিষয়াই অবৈধ কাঠ ব্যৱসায়ী আৰু ঠিকাদাৰৰ সমুখত বাধা হিচাপে ঠিয় দিয়াৰ ফলত বন বিষয়া গৰাকীৰ সঘনাই কৰ্মস্থানৰ সলনি কৰোৱা হয়। এয়াই হৈছে “বনানি” ৰ কাহিনীভাগ।

পৰিৱেশ সম্পৰ্কীয় শ্ৰেষ্ঠ বোলছবিঃ "বনানি"- 3


ছবিখনত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, সুশীল গোস্বামী, গোলাপ দত্ত, লক্ষ্মী সিনহা, মুনিন শৰ্মা, জ্যোতি ভট্টাচাৰ্য আৰু শশাংক শেব ফুকনে। ১০৮ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনত সংগীত পৰিচালক হিচাপে কাম কৰিছে সত্য বৰুৱা আৰু প্ৰশান্ত বৰদলৈয়ে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.