Rupaliparda.com
সামৰণিৰ দিশে "ৰঘুপতি" ৰ শ্বুটিংঃ 1

সামৰণিৰ দিশে “ৰঘুপতি” ৰ শ্বুটিংঃ

বহু প্ৰত্যাশিত ছবি “ৰঘুপতি” ৰ শ্বুটিং বৰ্তমান সামৰণি পথত। ইনষ্টাগ্ৰাম যোগে এক পোষ্ট কৰি এই কথা দৰ্শকক জনায় অভিনেতা ৰবি শৰ্মাই। বাণিজ্যিকভাৱে সফল হ’ব বুলি দাবী কৰা “ৰঘুপতি” ক লৈ এতিয়া উৎসাহিত ৰবি শৰ্মাৰ লগতে সমগ্ৰ অসমীয়া চলচিত্ৰ প্ৰেমী। জুবিন-যতীনৰ দুয়োখন ছবি ক্ৰমে “কাঞ্চনজংঘা” তথা “ৰত্নাকৰ” ৰ বহুল সফলতাৰ পিছত ৰবি শৰ্মাৰ এই ছবিখনে আকৌ এবাৰ অসমীয়া ছবি জগতলৈ সুখময় বাৰ্তা কঢ়িয়াব বুলি একাষাৰে ক’ব পৰা যায়।

সামৰণিৰ দিশে "ৰঘুপতি" ৰ শ্বুটিংঃ 2


সুব্ৰত কাকতিৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ কাহিনী হৈছে ৰবি শৰ্মাৰ নিজৰ। ৰবি শৰ্মাৰ লগতে ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অৰুন নাথ , ৰীনা বৰা ,মাধুৰিমা চৌধৰী ,সিদ্বাৰ্থ মুখাৰ্জী , প্ৰীতি কংকনা , সিদ্বাৰ্থ শৰ্মা , অৰুন হাজৰিকা , মনজিৎ শৰ্মা , প্ৰিয়ম পল্লবী , সীমা বৰা , ৰাজ শৰ্মা , অন্তৰীক্ষ চহৰীয়া , মৃদুল কাকতি , বনশ্ৰী কাকতি , জ্যেষ্ঠ অভিনেতা হৰিপ্ৰসাদ বৰঠাকুৰ আৰু পৰান বৰঠাকুৰকে ধৰি কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। “ৰঘুপতি” ৰ প্ৰযোজনা কৰিছে সৰোজ শৰ্মাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform