অসমীয়া জাতি ৰক্ষাৰ ক্ষেত্ৰত তথা অসমীয়া সংস্কৃতি আৰু সমাজ ব্যৱস্থাক সুচাৰুৰূপে এক আকাৰত বান্ধিবলৈ সহায় কৰে গীত-মাত, নৃত্য, ছবি-চুটি ছবিকে ধৰি তথ্য চিত্ৰ আদিয়ে। কিন্তু, এনে সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত আন এক জনপ্ৰিয় কলাইও জনসাধাৰণক শিকায় দিয়ে সামাজিক দায়বদ্ধতাক। এই কলা বিধ হৈছে মুকাভিনয়ৰ অৰ্থাৎ “মাইম”। মুকাভিনয়ৰ দ্বাৰা এতিয়া একাংশই চেষ্টা কৰিছে পৰিৱেশ স্বচ্ছতাৰ প্ৰতি সাধাৰণজনক সজাগ কৰিবলৈ। ‘মিছন ছেভ দীপৰ বিল’, ‘নিৰ্বাক যাত্ৰা’ আদি বিভিন্ন ধৰণৰ গঠনমূলক প্ৰকল্পৰ সৈতে জড়িত ৰাষ্ট্ৰীয় জলপানি প্ৰাপ্ত যুৱ মুকাভিনয় শিল্পী মিনাংক ডেকাই আৰম্ভ কৰিছে “স্বচ্ছতা ১০১” নামে এক কাৰ্যসূচী ।



অভিনেতা মিনাংক ডেকাৰ উক্ত কাৰ্যসূচী আৰম্ভ হয় চলিত মাহৰ ২২ তাৰিখৰ পৰা। সামাজিক সাংস্কৃতিক সংন্থা “সমলয়” ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীখনক উদ্দেশ্যিয়ে গুৱাহাটীস্থিত কাছাৰী ঘাটত কেইবাগৰাকীও মুকাভিনয় শিল্পীৰ দ্বাৰা বিভিন্ন স্বচ্ছতামূলক শ্লোগানেৰে এখন নাট প্ৰদৰ্শন কৰা হয়। আগন্তুক সময়তো এনে গঠন মূলক কৰ্মৰে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ আশ্বাস দিয়ে মিনাংকই।
Add comment