Rupaliparda.com
"মইনাকণ বাখৰ" ৰ জনপ্ৰিয়তাঃ ৫ মিলিয়নৰো অধিক ভিউৱাৰচ- 1

“মইনাকণ বাখৰ” ৰ জনপ্ৰিয়তাঃ ৫ মিলিয়নৰো অধিক ভিউৱাৰচ-

অসমীয়া সংগীত ক্ষেত্ৰখনত এক উল্লেখনীয় নাম হৈছে সুবাসনাৰ দত্তৰ। তেওঁৰ একোটা গীত বৰ্তমানেও শ্ৰোতাৰ মুখে মুখে। কোৱা বাহুল্য যে, কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত সুবাসনাৰ এটি গীত “মইনাকণ বাখৰ” য়ে বৰ্তমান সময়লৈ শ্ৰোতাৰ ওপৰত নিজ প্ৰভাৱ বিস্তাৰ কৰি ৰাখিছে। ইউটিউবত এই গীতটিৰ ভিউৱাৰচৰ সংখ্যা বৃদ্ধি হৈ পাইছেগৈ ৫ লাখৰো অধিক। গীতটি মুক্তি পোৱাৰ পূৰ্বৰ পৰাই ইয়াক লৈ বিভিন্ন ধৰণৰ টিক-টক ভিডিঅ’ দৰ্শকে দেখিবলৈ পাইছিল।

View this post on Instagram

Celebrating 5 Million views of #moinakonbakhor !

A post shared by Subasana Dutta (@subasanadutta) on


“মইনাকণ বাখৰ” শীৰ্ষক সুবাসনাৰ এই গীতটিত তিনি গৰাকী জনপ্ৰিয় অভিনেত্ৰী ক্ৰমে প্ৰিয়ম পল্লৱী, অনন্যা কাশ্যপ আৰু সুনীতা কৌশিক আৰু অভিনেতা উৎপল দাসে অভিনয় কৰিছে। উক্ত গীতটিত কথাৰ লগতে সুৰ দিছে চিন্ময় কৌশিক আৰু জয় নিৰ্ভানে আৰু গীতটিত সংগীত পলাগ গগৈৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform