Rupaliparda.com
বলীউডত নিৰ্মাণ হ'ব ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ বায়'পিকঃ 1

বলীউডত নিৰ্মাণ হ’ব ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ বায়’পিকঃ

বলীউডৰ ছবিজগতত বায়’পিক ছবি নিৰ্মাণৰ এক ঢৌ উঠিছে। ভাৰতীয় ক্ৰিকেট টীমৰ পূৰ্বৰ কেপ্তেইন এম এছ ধোনীৰ বায়’পিক খন দৰ্শকে পচন্দ কৰাও দেখিবলৈ পোৱা গৈছিল। ইয়াৰ লগতে ডংগল, মেৰী কম, ভাগ মিলখা ভাগ, সুৰমা তথা গোল্ড আদি খেলভিত্তিক ছবিয়েও পূৰ্বতে দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। এতিয়া অহা খবৰ অনুযায়ী, বি চি চি আই ৰ অধ্যক্ষ লগতে ভাৰতীয় ক্ৰিকেট টীমৰ পূৰ্ব কেপ্তেইন সৌৰভ গাংগুলীৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব এখন বায়’পিক।

বলীউডত নিৰ্মাণ হ'ব ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ বায়'পিকঃ 2
বলীউডত নিৰ্মাণ হ'ব ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ বায়'পিকঃ 3


কিছুদিন পূৰ্বে পৰিচালক ও প্ৰযোজক কৰণ জহৰে সৌৰভ গাংগুলীক সাক্ষাৎকাৰ কৰে আৰু এনে সময়তে উক্ত বায়’পিকৰ বিষয়ে কথা পতা হৈছে বুলি শুনিবলৈ পোৱা গৈছে। উল্লেখ্য যে, প্ৰত্যেকেই সৌৰভ গাংগুলীৰ আন এটা নাম “দাদা” বুলি জানে গতিকে এই নামটোকেই লৈ বায়’পিকখনৰ নাম “দাদাগিৰী” হ’ব বুলি জানিব পৰা গৈছে। বৰ্তমান ছবিখনৰ বাবে মূখ্য অভিনেতাৰ বিচাৰ চলি থকা আছে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.