Rupaliparda.com
৪০ তম শ্ৰেষ্ঠ অসমীয়া ছবিৰ "ৰজতকমল" প্ৰাপ্ত "ৰেলৰ আলিৰ দুবৰি মন"- 1

৪০ তম শ্ৰেষ্ঠ অসমীয়া ছবিৰ “ৰজতকমল” প্ৰাপ্ত “ৰেলৰ আলিৰ দুবৰি মন”-

১৯৯৩ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “ৰেলৰ আলিৰ দুবৰি বন”। পুলক গগৈৰ পৰিচালনা তথা প্ৰযোজনাৰে মুক্তিপ্ৰাপ্ত এই ছবিখনে ৪০ তম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ “ৰজতকমল” বঁটা লাভ কৰে। উক্ত ছবিখনৰ গীতত কন্ঠদান কৰিছিল বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ চানু আৰু কবিতা কৃষ্ণমূৰ্তিয়ে।

৪০ তম শ্ৰেষ্ঠ অসমীয়া ছবিৰ "ৰজতকমল" প্ৰাপ্ত "ৰেলৰ আলিৰ দুবৰি মন"- 2


৯৯ মিনিটৰ দৈৰ্ঘ্যৰ কাহিনীৰে নিৰ্মিত এই ছবিখনত এটা সৰল প্ৰেম-কাহিনীক দেখুওৱা হৈছে। কিছু ক্ষমতালোভী লোকৰ তুচ্ছ মানসিকতাকো “ৰেলৰ আলিৰ দুবৰি মন” ছবিখনত দেখিবলৈ পোৱা যায়। ছবিখন হৈছে দুখীয়াৰ ওপৰত চলা শোষণ, তেওঁলোকৰ যন্ত্ৰণা আৰু অসহায় অৱস্থাটোৰ অভিনৱ শৈলীৰে কৰা এক কৰুণ চিত্ৰায়ণ।

৪০ তম শ্ৰেষ্ঠ অসমীয়া ছবিৰ "ৰজতকমল" প্ৰাপ্ত "ৰেলৰ আলিৰ দুবৰি মন"- 3


ছবিখনৰ মূল চৰিত্ৰকেইটিত অভিনয় কৰিছে অমিতাভ গগৈ, দীপিকা শৰ্মা আৰু উপকুল বৰদলৈ।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.