Rupaliparda.com
"ইশ্বৰ ঐ" ত অমৃতা-নীলৰ যুঁটিঃ 1

“ইশ্বৰ ঐ” ত অমৃতা-নীলৰ যুঁটিঃ

“মাছলৈ গৈছিলোং”, “অ’ শকুন্তলা”, “চেনিমাই”, “তোমাৰ উশাহতে “চুমা দিয়ানা” শীৰ্ষক গীতসমূহ; এই আটাইবোৰ গীত অসমৰ সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেকজন শ্ৰোতাৰ মুখত শুনিবলৈ পোৱা যাব। উৎসৱ, বিয়া-সবাহ আদি বিভিন্ন ঠাইত হয়টো অসমীয়া দৰ্শকৰ টপ টেনত থাকে এই গীতকেইটি। কষ্ট, সংগ্ৰামৰ জৰিয়তে অসমীয়া সংগীত জগতত খোজ পেলোৱা নীল আকাশৰ বৰ্তমান অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া।

View this post on Instagram

#Releasing_Today

A post shared by Neel Akash (@neel_d_akash) on

"ইশ্বৰ ঐ" ত অমৃতা-নীলৰ যুঁটিঃ 2
https://www.instagram.com/p/B8rSpiqpI1j/?utm_source=ig_web_copy_link


নিজ কন্ঠৰে শ্ৰোতাৰ হৃদয় জুৰ পেলোৱা এই গৰাকী কন্ঠশিল্পীৰ কন্ঠৰে “ইশ্বৰ ঐ” শীৰ্ষক এটি নতুন গীতৰ ভিডিঅ’ই আজি মুক্তি লাভ কৰিব। ইতিমধ্যে গীতটিৰ লিৰিকেল ভিডিঅ’য়ে শ্ৰোতাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। । উক্ত গীতটিৰ ভিডিঅ’ ত নীল আকাশৰ সৈতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে। অমৃতা- নীলৰ যুঁটিটোক লৈ বৰ্তমান উৎসাহিত হৈ পৰিছে দুই শিল্পীৰে অনুৰাগী। উক্ত গীতটিৰ নৃত্য কৰিঅ’গ্ৰাফ কৰিছে শচীন বৰুৱাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.