Rupaliparda.com
বিশ্বজিৎ বৰাৰ পৰিচালক ৰূপে আন এক সফলতাঃ 1

বিশ্বজিৎ বৰাৰ পৰিচালক ৰূপে আন এক সফলতাঃ

হিন্দী “এইচা য়েহ জাহা” ছবিখনৰ দ্বাৰা পৰিচালক হিচাপে নিজ কেৰিয়াৰ আৰম্ভ কৰা বিশ্বজিৎ বৰাৰ এখন চুটি ছবিয়ে এতিয়া প্ৰভাৱ বিস্তাৰ কৰিছে জনসাধাৰণৰ ওপৰত। ২৫ মিনিট দৈৰ্ঘ্যৰ “ধূয়ে সে ধূয়ে তক” চুটি ছবিখনক বৰ্তমান বিভিন্ন ঠাইত প্ৰদৰ্শনৰ দায়িত্ব লৈছে দীৰ্ঘদিনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক “কেঞ্চাৰ” ৰোগক উদ্দেশ্যি বিভিন্ন গঠনমূলক ও সজাগতাৰ বাৰ্তা প্ৰদান কৰা এন জি অ’ “দীপশিখা ফাউণ্ডেছন” য়ে। বিশ্বজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখন হিন্দী ভাষাৰ আছিল যদিও সমগ্ৰ অসমবাসীৰ বাবে উপভোগ্য কৰি তুলিবলৈ ছবিখনক অসমীয়া ভাষাত ডাব কৰিছে উক্ত ফাউণ্ডেছন টোৱে।

বিশ্বজিৎ বৰাৰ পৰিচালক ৰূপে আন এক সফলতাঃ 2

উল্লেখ্য যে, “দীপশিখা ফাউণ্ডেছন” ৰ এম্বেছাডৰ হৈছে অসমীয়া জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদ লগতে এই এন জি অ’ টোৰ ফাউণ্ডাৰ হৈছে মুম্বাই “অসম ভৱন” ৰ আৱাসিক উপায়ুক্ত দেৱাশিষ শৰ্মা। “ধূয়ে সে ধূয়ে তক” চুটি ছবি খন মাৰ্চ মাহৰ পৰা তেজপুৰ বাণ থিয়েটাৰকে আদি কৰি প্ৰদৰ্শন কৰা হ’ব Third Eye Asian Film Festival তথা অসম ভৱনটো।

বিশ্বজিৎ বৰাৰ পৰিচালক ৰূপে আন এক সফলতাঃ 3
বিশ্বজিৎ বৰাৰ পৰিচালক ৰূপে আন এক সফলতাঃ 4

ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছিল নেহা লোধ লগতে দৃশ্যগ্ৰহণ কৰিছে অনিৰুদ্ধ বৰুৱাই। আনহাতে, ছবিখনত সংগীত দিছে বিশাল ক্ষেত্ৰীয়ে আৰু সাজ পাৰৰ দায়িত্বত আছিল লোপামুদ্ৰা গগৈ। ছবিখনত অভিনয় কৰিছে ৰাজেন্দ্ৰ গুপ্তা, বাহাৰুল ইছলাম আৰু সাগৰিকা মিশ্ৰাই।ছবি খনৰ প্ৰডাকচন নিয়ন্ত্ৰণ ৰ দায়িত্বত আছিল দ্বীপেন ৰাজকোঁৱৰ, প্ৰণাম দেসাই আৰু মনিৰুদ জামান।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.