Rupaliparda.com
ক'ৰোনা ভাইৰাছৰ বাবদ স্থগিত "মিছন ইম্পছিৱল ৭" ৰ শ্বুটিংঃ 1

ক’ৰোনা ভাইৰাছৰ বাবদ স্থগিত “মিছন ইম্পছিৱল ৭” ৰ শ্বুটিংঃ

চীনৰ পৰা আৰম্ভ হোৱা ক’ৰোনা ভাইৰাচে সমগ্ৰ দেশক প্ৰভাৱিত কৰি ৰাখিছে। এই ভাইৰাছে বৰ্তমান ছবি জগতকো কম-বেছি পৰিমাণে প্ৰভাৱিত কৰিছে। টম ক্ৰুজৰ “মিছন ইম্পছিৱল” চিৰিজৰ আপুনি যদিহে অনুৰাগী তেতিয়াহ’লে আপোনালোকৰ বাবে দুঃখবৰ। কিয়নো, উক্ত চিৰিজ খনৰ আগন্তুক ছবিখনৰ দৃশ্যগ্ৰহণ ৰখাই দিয়া হৈছে। ক’ৰোনা ভাইৰাছৰ ফলতেই ছবিখনৰ শ্বুটিং ৰখাই দিয়া হৈছে।

ক'ৰোনা ভাইৰাছৰ বাবদ স্থগিত "মিছন ইম্পছিৱল ৭" ৰ শ্বুটিংঃ 2
ক'ৰোনা ভাইৰাছৰ বাবদ স্থগিত "মিছন ইম্পছিৱল ৭" ৰ শ্বুটিংঃ 3


ছবিখনৰ প্ৰযোজনা কৰা পেৰামাউন্ট পিকচাৰছে ক’ৰোনা ভাইৰাছৰ বাবেই ছবিখনৰ ইটলীত কৰি থকা শ্বুটিং ৰখাই দিয়া হয় বুলি জাননী দিয়ে। উল্লেখ্য যে, ইটলীত অতি কমেও ২০০ জন লোক এই ভাইৰাছত আক্ৰান্ত হয় লগতে ৭ গৰাকীৰ মৃত্যু হয়। গতিকে, এনে পৰিস্থিতিৰ বাবে ছবিখনৰ শ্বুটিং ৰখাই দিয়া হৈছে। এই ভাইৰাছটোৰ বাবে চৰকাৰে জনসাধাৰণক গোট খাবলৈ মানা কৰিছে আৰু ফলত ইটলীৰ ৱেনিসত তিনি সপ্তাহৰ বাবে হ’বলগীয়া “মিছন ইম্পছিৱল” ৰ সপ্তম সংস্কৰণটোৰ দৃশ্যগ্ৰহণ ৰখাই দিয়া হয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.