Rupaliparda.com

অসমীয়া জনপ্ৰিয় খলনায়ক “দীনেশ দাস”-

এগৰাকী জনপ্ৰিয় অসমীয়া অভিনেতা দীনেশ দাস। প্ৰায়ে খলনায়কৰ চৰিত্ৰ ৰূপায়ন এই গৰাকী শিল্পীয়ে পঞ্চম শ্ৰেণীত থাকোতেই নাটকত অভিনয় কৰি অভিনেতা ৰূপে নিজক চিনাকী কৰোৱায়। নাটকৰ পিছতেই তেওঁ ১৯৬৮ চনত মুক্তিপ্ৰাপ্ত আব্দুল মজিদৰ দ্বাৰা পৰিচালিত ছবি “মৰম তৃষ্ণা” ৰ দ্বাৰা ছবি জগতত খোজ পেলায়।

অসমীয়া জনপ্ৰিয় খলনায়ক "দীনেশ দাস"- 1
অসমীয়া জনপ্ৰিয় খলনায়ক "দীনেশ দাস"- 2


মঞ্চ তথা ছবিৰ উপৰিও অভিনেতা গৰাকীয়ে বহু ধাৰাবাহিক, চুটি ছবি, ভিচিডি আৰু ৪ শতকৈ অধিক অনাঁটাৰ নাটকত অভিনয় কৰিছে। উল্লেখ্য যে, এই অভিনেতা গৰাকীয়ে অসমীয়া প্ৰায় ৪৭ খনকৈ ছবিত অভিনয় কৰি নিজ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। বৰ্তমানেও এই অভিনেতা গৰাকীয়ে বিভিন্ন কাগজে-পত্ৰই লিখা-মেলা কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform