Rupaliparda.com
ছলমান-ৰণৱীৰক পিছ পেলাই অজয়ৰ "তান্হাজী" মহাৰাষ্ট্ৰৰ দ্বিতীয় সফল ছবিঃ 1

ছলমান-ৰণৱীৰক পিছ পেলাই অজয়ৰ “তান্হাজী” মহাৰাষ্ট্ৰৰ দ্বিতীয় সফল ছবিঃ

এইটো বৰ্ষতে জানুৱাৰীত মুক্তিপ্ৰাপ্ত ছবি “তান্হাজীঃ দা অনসংগ ৱাঁৰিয়ৰ” য়ে বস্ক অফিচত নিজ সুন্দৰ প্ৰদৰ্শন বৰ্তমানলৈ দেখুৱাই আহিছে। অজয় দেৱগন, কাজল আৰু ছেইফ আলি খানৰ এই ছবিখন ডমেষ্টিক চাৰ্কিটত ২৭৫ কোটি টকাৰ ফালে ক্ৰমশঃ আগবাঢ়িছে। বস্ক অফিচ ইণ্ডিয়াৰ ৰিপোৰ্টনুসৰি, এই ছবিখনে এতিয়ালৈ বিভিন্ন ৰেকৰ্ড বনাবলৈ সক্ষম হৈছে।

ছলমান-ৰণৱীৰক পিছ পেলাই অজয়ৰ "তান্হাজী" মহাৰাষ্ট্ৰৰ দ্বিতীয় সফল ছবিঃ 2
ছলমান-ৰণৱীৰক পিছ পেলাই অজয়ৰ "তান্হাজী" মহাৰাষ্ট্ৰৰ দ্বিতীয় সফল ছবিঃ 3


এনেক্ষেত্ৰতে, “তান্হাজী” হৈছে “বাহুৱলী ২” ৰ পিছত মহাৰাষ্ট্ৰত লাভ অৰ্জন কৰা দ্বিতীয় খন সফল ছবি। এই ছবিখনে ১৪১ কোটি টকাৰ আৰ্থিক লাভ অৰ্জন কৰাৰ লগতে আৰু অধিক লাভৰ পিনে আগবাঢ়িছে। অজয়ৰ উক্ত ছবিখনে আমিৰ খানৰ ছবি “ডংগল” ক মুঠ ৩৭ কোটি টকাৰ ব্যৱধানত পিছ পেলায়। যদিও, “বাহুৱলী ২” ৰ ১৮৭.৭ কোটি টকাৰ পৰা “তান্হাজী” এতিয়াও দূৰত তথাপিও; অজয় দেৱগনৰ ছবিখনে ছলমান খান,ৰণৱীৰ কাপুৰ আদি অভিনেতাৰ ছবিক মহাৰাষ্ট্ৰত পিছ পেলাবলৈ সক্ষম হয়।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform