Rupaliparda.com
এগৰাকী ছাত্ৰীৰ চুলি ঠিক কৰি জনপ্ৰিয় বাদশ্বাহ শ্বাহৰুখ খানঃ 1

এগৰাকী ছাত্ৰীৰ চুলি ঠিক কৰি জনপ্ৰিয় বাদশ্বাহ শ্বাহৰুখ খানঃ

বলীউডৰ বাদশ্বাহে পুনৰ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। শ্বাহৰুখ খানৰ এক ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত; যাক এতিয়া প্ৰশংসা কৰিছে বহু লোকে। আছলতে, এই ভিডিঅ’টোত বাদশ্বাহে শ্বাহৰুখে এজনী ছোৱালীৰ চুলি ঠিক কৰা দেখিবলৈ পোৱা গৈছে। আছলতে, এক কাৰ্যক্ৰমত উপস্থিত শ্বাহৰুখ খানৰ ওচৰলৈ যেতিয়া এজনী গৱেষণাৰ ছাত্ৰী আহিছিল তেতিয়া তেওঁৰ চুলি কাপোৰৰ মাজত বান্ধ খাই পৰিছিল আৰু ছাত্ৰী গৰাকী কিছু অসুবিধাৰ সন্মুখীন হৈছিল।

এগৰাকী ছাত্ৰীৰ চুলি ঠিক কৰি জনপ্ৰিয় বাদশ্বাহ শ্বাহৰুখ খানঃ 2


এনে সময়তে, অভিনেতা গৰাকী তেওঁৰ ওচৰ চাপে আৰু ছাত্ৰী গৰাকীৰ তেওঁক কাপোৰ ঠিক কৰাত সহায় কৰে। উক্ত ভিডিঅ’টোয়ে দৰ্শকৰ সঁহাৰি পোৱাৰ লগতে শ্বাহৰুখ খানক প্ৰশংসাও কৰে। এই ভাইৰেল হোৱা ভিডিঅ’টোক লৈ বুজিব পৰা যায় যে বাদশ্বাহ গৰাকীৰ জনপ্ৰিয়তা বৰ্তমানেও মাৰ যোৱা নাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.