“ৰঙা পুলিচ”, “পূবেৰুণ” আদি জনপ্ৰিয় অসমীয়া ছবিত অভিনীত জ্ঞানদা কাকতিয়ে পিতৃ দেৱেন দাসৰ পৰাই আছিল লাভ কৰিছিল অভিনয়ৰ অ, আ, ক, খ। তেওঁৰ পিতৃ আছিল এগৰাকী জনপ্ৰিয় মঞ্চাভিনেতা। “সতী-বেউলা” নাটক খনত জ্ঞানদা কাকতিৰ অভিনয় আৰু নৃত্য দেখি সেই সময়ছোৱাৰ কটন কলেজৰ অধ্যক্ষ এ.চি.ৰয়ে অভিনেত্ৰী গৰাকীক প্ৰদান কৰিছিল এটি ৰূপৰ পদক।
ইয়াৰ লগতে, উক্ত নাটকখনত জ্ঞানদাৰ নৃত্য দেখি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই নিজেই তেওঁক নৃত্য শিকাইছিল। জ্ঞানদাই গায়ক ও বাঁহী বাদক লোহিক কাকতিৰ সৈতে বিবাহৰ পিছতহে চলচিত্ৰ জগতত খোজ দিছিল। তেওঁ অভিনয় কৰা প্ৰথমখন ছবি আছিল প্ৰবীণ ফুকন পৰিচালিত “পাৰঘাট”।

ইয়াৰ পিছতে জ্ঞানদা কাকতিয়ে অভিনয় কৰা ছবিকেইখন হৈছে ক্ৰমে পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ, পুবেৰুণ, চাকনৈয়া, পুৱতি নিশাৰ সপোন, নৰকাসুৰ, ওপৰ মহলা, শেষ বিচাৰ, প্ৰিয়জন আৰু ৰাগ-বিৰাগ। তেওঁ অভিনীত বাংলা ছবিকেইখন হ’ল নীলাচলেৰ মহাপ্ৰভূ; এইখন ছবিত জ্ঞানদাই বাংলাৰ জনপ্ৰিয় অভিনেতা অহীন্দ্ৰ চৌধুৰীৰ বিপৰীতে অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ গড়েৰ মাঠে, বৰমা আদি ছবিত অভিনয় কৰে।
তেওঁ অভিনীত ছবি “পূবেৰুণ”-এ পুৰণি চলচিত্ৰ উৎসৱ বাৰ্লিন চলচিত্ৰ মহোৎসৱত ভাৰতীয় ছবি হিচাপে প্ৰতিযোগিতা শাখাত প্ৰদৰ্শিত হৈছিল। শ্বিলং,গুৱাহাটী অনাঁতাৰ কেন্দ্ৰত সুগায়িকা ৰূপে প্ৰতিষ্ঠিত হোৱা জ্ঞানদা কাকতিয়ে দুখনমান গ্ৰামোফোন ৰেকৰ্ডটো গীত গাইছিল।
অসম চৰকাৰ দ্বাৰা “কলাগুৰু বিষ্ণু ৰাভা বঁটা” লাভ কৰা জ্ঞানদা কাকতিক সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে “আইদেউ সন্দিকৈ সোঁৱৰণী” বঁটাও আগবঢ়ায়।
Add comment