Rupaliparda.com
তাপসিৰ কি কাৰণে দুখ লাগে? -ব্যক্ত কৰিলে অভিনেত্ৰী গৰাকীয়েঃ 1

তাপসিৰ কি কাৰণে দুখ লাগে? -ব্যক্ত কৰিলে অভিনেত্ৰী গৰাকীয়েঃ

বলীউড অভিনেত্ৰী তাপসি পান্নু বৰ্তমান ব্যস্ত তেওঁৰ আহিবলগীয়া ছবি “থপ্পড়” ৰ মুক্তিক লৈ। বিগত বহু দিনৰ পৰাই অভিনেত্ৰী গৰাকীৰ অভিনয়ৰ ধনাত্মক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে যদিও তেওঁৰ কিছুমান ছবিত পোৱা দৰ্শকৰ লেহেমীয়া সঁহাৰিয়ে অসন্তুষ্টও কৰি তোলে বহু লোকক। কিছু দিন পূৰ্বে হোৱা এক সাক্ষাৎকাৰত তাপসি পান্নুয়ে জনাই যে কিয় তেওঁৰ কিছু সময়ত দুখ লাগে?

তাপসিৰ কি কাৰণে দুখ লাগে? -ব্যক্ত কৰিলে অভিনেত্ৰী গৰাকীয়েঃ 2
তাপসিৰ কি কাৰণে দুখ লাগে? -ব্যক্ত কৰিলে অভিনেত্ৰী গৰাকীয়েঃ 3


অভিনেত্ৰী গৰাকীয়ে কয় যে, কিছুমান সময়ত এৱাৰ্ড ফাশ্বন’ ৰ জুৰী সমূহ তেওঁলোকৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। লগতে তেওঁ কয়, ” যেতিয়া কোনো এখন ছবিক যথেষ্ট সমাদৰ দৰ্শক দিয়ে তথা যেতিয়া আমি ছবিখনত ভাল অভিনয় কৰো কিন্তু, তাৰ পিছতো যেতিয়া আমি এৱাৰ্ড নাপাওঁ তেতিয়া আমাৰ দুখ লাগে।” এইখিনি কথাৰ লগতে তাপসিয়ে ব্যক্ত কৰে যে যেতিয়া ২০১৬ চনত মুক্তিপ্ৰাপ্ত “পিংক”- এ এৱাৰ্ড পোৱা নাছিল তেতিয়া তেওঁৰ বেয়া লাগিছিল।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.