দূৰ, লাভ ইন তাৱাং আদিকে ধৰি কেইবাখনো ছবিৰ গীতত কন্ঠদান কৰাৰ লগতে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে কেইবাখনো মঞ্চত একেলগে গীত পৰিৱেশন কৰা ঋতৃষা শৰ্মাই আজি উদযাপন কৰিছে তেওঁৰ জন্মদিন। বহু কম সময়তে অনুৰাগীৰ দীঘলীয়া তালিকা গঠন কৰিবলৈ সক্ষম হোৱা এই গৰাকী কন্ঠশিল্পীৰ কেৱল মাত্ৰ অসমীয়া গীতেই নহয়;জনপ্ৰিয় তেওঁৰ কন্ঠৰ হিন্দী গীতো। জনপ্ৰিয় প্ৰডাকচন হাউচ Yash Raj Films ৰ বেনাৰত বেকগ্ৰাউণ্ড মিউজিক কম্পোজাৰ মন্টি শৰ্মাৰ সৈতে কিছুদিন পূৰ্বে ঋতৃষাই “হা মেইনে চুকৰ দেখা হে” শীৰ্ষক গীতটিৰ ৰিপ্ৰাইজ সংস্কৰণটোত কন্ঠদান কৰিছিল।


ইয়াৰ পিছতেই তেওঁ হিন্দী জনপ্ৰিয় ছবিৰ কেইবাটাও জনপ্ৰিয় গীতত নিজাববীয়াকৈ কন্ঠদান কৰি ইউটিউবত নিজ ব্যক্তিগত চেনেলত মুক্তি কৰি দিছে। ঋতৃষাক ৰূপালী পৰ্দাৰ ফালৰ পৰা জন্মদিনৰ শুভকামনা জনোৱাৰ লগতে তেওঁৰ কন্ঠৰে শুনো আহক কেইটিমান গীতঃ
Add comment