Rupaliparda.com
"লখিমী" লৈ মাজত মাথো কেইটামান দিনঃ ১৩ মাৰ্চত মুক্তি পাব ট্ৰেইলাৰ- 1

“লখিমী” লৈ মাজত মাথো কেইটামান দিনঃ ১৩ মাৰ্চত মুক্তি পাব ট্ৰেইলাৰ-

বহু প্ৰত্যাশিত বিশ্বজিৎ বৰাৰ ছবি “লখিমী” ৰ মুক্তিলৈ মাজত মাত্ৰ কেইটামান দিন। অসমতে নহয়; ইয়াৰ প্ৰচাৰ চলিছে মুম্বাইতো। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “লখিমী” ৰ টিজাৰ আৰু গীত দুটিক ইতিমধ্যে দৰ্শকে জনাইছে সঁহাৰি। ইখন-দুখনকৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ সফলতাই এতিয়া উৎসাহিতও কৰি তুলিছে দৰ্শকক। অহা মাৰ্চ মাহৰ ১৩ তাৰিখে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰি দিয়া হ’ব। ২৪ এপ্ৰিলত মুক্তি পাবলগীয়া এই ছবিখনত উপস্থাপন কৰা হ’ব গাঁও অঞ্চলৰ ৰাজনৈতিক প্ৰেক্ষাপটত চলি থকা কিছু ঘটনা পৰিঘটনা।

"লখিমী" লৈ মাজত মাথো কেইটামান দিনঃ ১৩ মাৰ্চত মুক্তি পাব ট্ৰেইলাৰ- 2
"লখিমী" লৈ মাজত মাথো কেইটামান দিনঃ ১৩ মাৰ্চত মুক্তি পাব ট্ৰেইলাৰ- 3


আমেৰিকা নিবাসী ভাৰতীয় মূলৰ মহেশ চিৰলাৰৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ, পৃথ্বীৰাজ ৰাভা, অৰুণ বৰা, বিনোদলাল দাস, দীনেশ গগৈ, জ্যোতিৰূপা বৰা, অজয় ভৰালী, প্ৰবীণ দাস, ৰাগিনী বৰাকে আদি কেইবাগৰাকীও ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে।

"লখিমী" লৈ মাজত মাথো কেইটামান দিনঃ ১৩ মাৰ্চত মুক্তি পাব ট্ৰেইলাৰ- 4


৯৪ মিনিট দৈৰ্ঘ্যৰ “লখিমী” ৰ প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্বত আছে অসীম শইকীয়া। ইয়াৰ উপৰিও ছবিখনত তিনিখন ন-মুখৰ আগমণ ঘটিছে সেইকেইজন হ’ল ক্ৰমে আমেৰিকাস্থিত লোভা চিৰলা লগতে পৰিচালক দীনেশ গগৈৰ কন্যা স্বাধীনতা গগৈকো প্ৰথমবাৰৰ বাবে ছবিখনত দেখিবলৈ পাব দৰ্শকে আৰু ইয়াৰ উপৰিও পোন প্ৰথমবাৰৰ বাবে মুম্বাইস্থিত অসম সন্তান মডেল গীতাৰ্থ বৰাই অভিনয় কৰিছে উক্ত ছবিখনত। উল্লেখ্য যে, কিছুদিন পূৰ্বে ছবি খনত অন্তৰ্ভূক্ত দুটি গীতৰ মুক্তি লাভ কৰিছিল লিৰিকেল ভিডিঅ’। চলিত মাহৰ ২৯ তাৰিখে “অগ্নিশিখা” গীতটিৰ ভিডিঅ’ ইউটিউব যোগে মুক্তি লাভ কৰিব।

Add comment

Leave a Reply