Rupaliparda.com
একেখন মঞ্চতে "লাইভ" সুনিধি-জুবলিঃ বন্ধুৰ সৈতে আহিবলৈ আহ্বান- 1

একেখন মঞ্চতে “লাইভ” সুনিধি-জুবলিঃ বন্ধুৰ সৈতে আহিবলৈ আহ্বান-

জলীউড তথা বলীউডৰ কন্ঠশিল্পীৰ কন্ঠ আপোনালোকে নিশ্চয় বহুসময়ত একেটা গীতত শুনিবলৈ পাইছিল। ইয়াৰব উপৰিও, অসমৰ কেইবাজনো শিল্পী মুম্বাইলৈ গৈ তাত সুন্দৰ ৰূপে প্ৰতিষ্ঠিত হৈ আছে; লগতে, বলীউড ক্ষেত্ৰখনতো অন্তৰ্ভূক্ত কেইবাগৰাকীও কন্ঠশিল্পীৰ কন্ঠৰে অসমীয়া গীতো শুনিবলৈ পাইছে শ্ৰোতাই। এনে পৰিপ্ৰেক্ষিততে, এইবাৰ এক ব্যতিক্ৰমী খবৰে উৎসাহিত কৰি তুলিছে দৰ্শকক। নগাঁওস্থিত নেহেৰুৱালি ষ্টেডিয়ামত বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী সুনিধি চৌহান আৰু অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী জুবলিক একেলগে দেখিবলৈ পোৱা যাব একেখন মঞ্চত।

একেখন মঞ্চতে "লাইভ" সুনিধি-জুবলিঃ বন্ধুৰ সৈতে আহিবলৈ আহ্বান- 2
View this post on Instagram

@artistaloud #no1yaarijam #nagaon @zublee

A post shared by Sunidhi Chauhan (@sunidhichauhan5) on


ৰেকৰ্ডিং নহয়; দৰ্শকে লাইভ গীত পৰিৱেশন কৰা দেখিবলৈ পাব জুবলি আৰু সুনিধিক। দুয়োগৰাকী কন্ঠশিল্পীৰ অনুৰাগীৰ সংখ্যা নক’লেও হয়টো আপোনালোকে জানে। ২৮ ফেব্ৰুৱাৰীৰ দিনা নিজ বন্ধু বৰ্গৰ সৈতে তেওঁলোকক চাবলৈ আহিবলৈ এক চচিয়েল মিডিয়া যোগে দুই কন্ঠশিল্পীয়ে কয়। “Mc Dowells No 1 yaari” ৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই শ্ব’টোৰ টিকেট বৰ্তমান Bookmyshow.com ত দৰ্শকে লাভ কৰিব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.