অসমীয়া সংগীত ক্ষেত্ৰখনত এনে কিছু গীতৰ নিৰ্মাণ হৈছে যিসমূহ গীত শ্ৰোতাই শুনা মাত্ৰকে ইয়াৰ কন্ঠৰ অনুৰাগী হৈ পৰিছে বহু শ্ৰোতা। এনে গীত সমূহক শ্ৰোতাই হিট লিষ্টত ৰখাৰ উপৰিও ইউটিউবত ইয়াৰ ভিউৱাৰচৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া। “আমেৰিকা জাপান” শীৰ্ষক গীতটিৰ পৰা শ্ৰোতাৰ দৃষ্টি আকৰ্ষণ কৰা ৰিংকু প্ৰিয়ম বৰ্তমানৰ এগৰাকী উল্লেখযোগ্য কন্ঠশিল্পী। “নাজিৰতা”, “অ ভনী নিৰলা” শীৰ্ষক কেইবাটিও জনপ্ৰিয় হৈ উঠা গীতৰ কন্ঠশিল্পী ৰিংকু প্ৰিয়ম বৰ্তমান ব্যস্ত তেওঁৰ আগন্তুক গীতক লৈ।

কিছুদিন পূৰ্বে মুক্তি লাভ কৰা “হুৰৈ ৰাঙলী” ৰ লিৰিকেল ভিডিঅ’ ৰ পিছত চলিত বৰ্ষৰ মাৰ্চ মাহত গীতটিৰ ভিডিঅ’ই মুক্তি লাভ কৰিব। মেছ কছাৰী সকলৰ লোকগীতৰ সুৰৰ আধাৰত ৰচনা কৰা এই গীতটিত ৰিংকুৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে সুবাসনা দত্তই। গীতটিৰ কথা পুনম নাথৰ লগতে ইয়াত সংগীত দিছে দীপকেশ বৰগোঁহাইয়ে। উল্লেখ্য যে, উক্ত গীতটিত ৰিংকু প্ৰিয়মৰ সৈতে অভিনয় কৰিছে বৰষা ৰাণী বিষয়াই।
Add comment