Rupaliparda.com
বাবন বৰ্ণিলৰ নতুন সংযোজন "সোণচেং"- 1

বাবন বৰ্ণিলৰ নতুন সংযোজন “সোণচেং”-

অসমীয়া সংগীত ক্ষেত্ৰখন আন সকলোবোৰ সাংস্কৃতিক ক্ষেত্ৰৰ দৰেই চহকী। এই ক্ষেত্ৰখনত থকা প্ৰতিভা সমূহ আমি নুই কৰিব নোৱাৰো। এই ক্ষেত্ৰখনত থকা এগৰাকী কন্ঠশিল্পী হৈছে বাবন বৰ্ণিল। “তলা লগাই থ”, “মৰম লাগি যায়”, “অ’ ৰহিমলা”, “কালদিয়া নৈ” আৰু কেইবাটাও জনপ্ৰিয় গীতৰ গৰাকী হৈছে বাবন বৰ্ণিল। ইউটিউবত ভিউৱাৰচৰ বহুল সমাৱেশ ঘটোৱা এই গৰাকী কন্ঠশিল্পী বৰ্তমান ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তক গীত “সোণচেং” ক লৈ। আছলতে, বাবন বৰ্ণিলৰ এই গীতটিক লৈ উৎসাহিতও নোহোৱাকৈ থকা নাই তেওঁৰ অনুৰাগী।

বাবন বৰ্ণিলৰ নতুন সংযোজন "সোণচেং"- 2
বাবন বৰ্ণিলৰ নতুন সংযোজন "সোণচেং"- 3
বাবন বৰ্ণিলৰ নতুন সংযোজন "সোণচেং"- 4


বাবন বৰ্ণিলৰ এই গীতটিত তেওঁৰ সৈতে অভিনয় কৰিছে “মলয়া বাইদেউৰ জীয়েক” খ্যাত সুকন্যা বৰুৱা। গীতটিত কথাৰ লগতে ইয়াত সুৰ দিছে মিন্ময় মৃত্তিক তথা গীতটিত সংগীত দিছে হৰ্জিৎ দিয়াজে। গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে গৌতম ৰাভাই আৰু “সোণচেং” ত যুঁটীয়া ভাৱে কন্ঠদান কৰিছে দিম্পী সোণোৱালে। আনহাতে, গীতটিৰ ভিডিঅ’ ত সুকন্যাৰ লগতে দেখিবলৈ পাব চামিউল ইছলাম, ছানি আৰু বাবন বৰ্ণিলক।

Add comment

Leave a Reply